গুৱাহাটী, ৮ এপ্ৰিল: পাঁচদিনীয়া ব্যস্ততাপূৰ্ণ কাৰ্যসূচী হাতত লৈ শুকুৰবাৰে নিশা প্ৰায় আঠ বজাত গুৱাহাটীত আহি উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Om Birla arrives Guwahati)। বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ লগেলগে অধ্যক্ষগৰাকীক আদৰণি জনায় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে । লোকসভাৰ অধ্যক্ষগৰাকীৰ সৈতে একেলগে আহি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাও ।
উল্লেখযোগ্য যে, এই পাঁচদিনীয়া ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে শনিবাৰে পুৱা ৯ বজাত লোকসভাৰ অধ্যক্ষগৰাকীয়ে অসম বিধানসভাত উদ্বোধন কৰিব কমনৱেল্থ পাৰ্লিয়েমেন্টেৰী এছ'চিয়েছনৰ সন্মিলন (Commonwealth Parliamentary Association mid year executive committee meeting) । যি সন্মিলনত বিশ্বৰ ৪০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰে ঘানা, ব্ৰিটেইন, মালায়েছিয়া, টাঞ্জানিয়াকে ধৰি ১২ খন দেশৰ প্ৰতিনিধি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে ।