অসম

assam

ETV Bharat / state

চৰ্ত সাপেক্ষে গুৱাহাটীৰ 13 খন পাহাৰত বাস কৰা লোকে লাভ কৰিব ভূমিৰ পট্টা - মাটিৰ পট্টা

Land Patta in Guwahati : গুৱাহাটীৰ 13 খন পাহাৰৰ দখলকাৰীসকলক ভূমিস্বত্ব অর্থাৎ মাটিৰ পট্টা দিয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ 75 বছৰ ভোগ দখল কৰি থকা পাহাৰৰ পৰিয়ালসমূহে ভূমি পট্টা লাভ কৰিব বুলি ঘোষণা কৰিছে চৰকাৰে ৷

Govt of Assam will Provide Land Patta
13 খন পাহাৰৰ দখলকাৰীলৈ ভূমিৰ পট্টা

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 3:20 PM IST

গুৱাহাটী, 20 ডিচেম্বৰ : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বসবাস কৰা বহু সংখ্যক লোকৰে নাই ভূমিৰ পট্টা ৷ বিশেষকৈ পাহাৰ অঞ্চলত বসবাস কৰা লোকৰ নাই ভূমিৰ পট্টা ৷ আনহাতে সমতলত বসবাস কৰা বহু সংখ্যক লোকৰো নাই ভূমিৰ পট্টা ৷ ইফালে গুৱাহাটীৰ সৰু-বৰ 18 খন পাহাৰত বসবাস কৰা 85 হাজাৰৰো অধিক পৰিয়ালে কেইবা দশক ধৰি ভূমিৰ পট্টা লাভৰ আশাত বন্দী হৈ আছে ৷ ইফালে পাহাৰত বসবাস কৰা এই লোকসকলক লৈ প্ৰতিটো ৰাজনৈতিক দলেই ৰাজনীতি কৰি আহিছে ৷

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে পাহাৰত বসবাস কৰা সকলক ভূমিৰ পট্টা দিয়া হ'ব বুলি ঘোষণা কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ বিপৰীতে অসম বিধানসভাৰ শেহতীয়া অধিৱেশনত ৰাজহ যন্ত্ৰী যোগেন মহনে স্পষ্টভাৱে সদৰী কৰিছিল যে গুৱাহাটীৰ পাহাৰত বাস কৰাসকলে ভূমিৰ পট্টা নাপাব ৷ ভি জি আৰ আৰু পি জি আৰ মাটিত বাস কৰা সকলেও নাপাব পট্টা ৷ কেৱল চৰকাৰে বহুওৱা খহনীয়াত ক্ষতিগ্ৰস্ত সকলেহে পাব ভূমিৰ পট্টা ৷ একেখন চৰকাৰৰ এনে দুমুখীয়া স্থিতিত পাহাৰত বসবাস কৰা লোকসকল বিবুদ্ধিত পৰাটো স্বাভাৱিক ৷

কিন্তু শেহতীয়াকৈ চৰকাৰে গুৱাহাটীৰ পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা দিয়াৰ আন এক নীতি গ্ৰহণ কৰিছে ৷ মহানগৰীৰ পাহাৰ তথা জলাশয়ক বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এইবাৰ গুৱাহাটীৰ 13 খন পাহাৰৰ দখলকাৰীসকলক ভূমিস্বত্ব অর্থাৎ মাটিৰ পট্টা দিয়াৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ ৷ তিনিটা প্ৰজন্ম বা 75 বছৰ ভোগ দখল কৰি থকা পাহাৰৰ পৰিয়ালসমূহে ভূমি পট্টা লাভ কৰিব বুলি ঘোষণা কৰিছে চৰকাৰে ৷ অসম চৰকাৰৰ বন অধিকাৰ আইন-2006 ৰ অধীনত পাহাৰত বসবাস কৰা অনুসূচিত জনজাতি আৰু অন্যান পৰম্পৰাগত বন নিৱাসী অর্থাৎ সৰ্বসাধাৰণ পৰিয়ালসমূহক মাটিৰ মালিকীস্বত্বৰ বাবে 31 ডিচেম্বৰৰ ভিতৰত আৱেদন কৰিবলৈ কামৰূপ মহানগৰ জিলা বন অধিকাৰ কমিটীৰ সভাপতি তথা জিলা আয়ুক্তই জাননী জাৰি কৰিছে ৷

ৰাজ্য চৰকাৰে বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা দিবলৈ সিদ্ধান্ত লোৱা মহানগৰীৰ 13 খন পাহাৰৰ অন্যতম হৈছে ক্ৰমে ফটাশিল ৰিজাৰ্ভ ফৰেষ্ট, দক্ষিণ কালাপাহাৰ ৰিভাৰ্জ ফৰেষ্ট, হেঙেৰাবাৰী ৰিজাৰ্ভ ফৰেষ্ট, শৰণীয়া ৰিজাৰ্ভ ফৰেষ্ট, গোটানগৰ ৰিজাৰ্ভ ফৰেষ্ট, জালুকবাৰী ৰিজাৰ্ভ ফৰেষ্ট, গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰাণী ৰিজাৰ্ভ ফৰেষ্ট ৷ আনহাতে সোণাপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মাৰাকডলা ৰিজাৰ্ভ ফৰেষ্ট, আপ্ৰিকলা পশ্চিম ৰিজাৰ্ভ ফৰেষ্ট, চমতা ৰিজাৰ্ভ ফৰেষ্ট, তেতেলিগুৰি ৰিজাৰ্ভ ফৰেষ্ট আৰু মাতাপাহাৰ ৰিজাৰ্ভ ফৰেষ্টৰ দখলদাৰীসকলকো ভূমি পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অৱশ্যে বন অধিকাৰ আইন-2006 অনুসৰি পাহাৰত বসবাস কৰা সাধাৰণ লোক তথা অন্যান্য পৰম্পৰাগত বন নিৱাসীসকলে 2005 চনৰ 13 ডিচেম্বৰৰ পূৰ্বে 3 টা প্ৰজন্ম বা 75 বছৰ বসবাস কৰাৰ প্ৰমাণ তথা সাক্ষ্য দিলেহে ভূমিৰ পট্টা লাভ কৰিব ৷

আনহাতে অনুসূচিত জনজাতিৰ লোকসকলে 2005 চনৰ 13 ডিচেম্বৰৰ আগৰ ভোগ দখলৰ যিকোনো প্ৰমাণ বা সাক্ষ্য দিলেই ভূমিৰ অধিকাৰ অৰ্থাৎ পট্টা লাভ কৰিব ৷ পূৰ্বে বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টাৰ আবেদনৰ বাবে কামৰূপ মহানগৰ জিলা বন অধিকাৰ কমিটীয়ে 31 অক্টোবৰলৈ সময়সীমা বান্ধি দিছিল যদিও এইবাৰ আৱেদনৰ অন্তিম তাৰিখ 31 ডিচেম্বৰলৈ বৃদ্ধি কৰিছে ৷ বন অধিকাৰৰ কমিটীয়ে ভূমি পট্টাৰ বাবে আৱেদনকাৰী সকলক বন অধিকাৰ আইন-2006 ৰ অধিনিয়ম 13 ত উল্লেখিত সাক্ষ্য-প্ৰমাণৰ অতি কমেও দুটা সাক্ষ্য-প্ৰমাণ অৱেদন-পত্ৰৰ লগত গাঁঠি দিব লাগিব বুলিও স্পষ্ট কৰি দিছে ৷ দাবীসমূহ নিজ নিজ এলেকাৰ গাঁও পঞ্চায়তৰ দ্বাৰা অনুমোদিত হ’ব লাগিব ৷

তদুপৰি আৱেদনৰ সৈতে দখলত ৰখা ভূমিৰ মানচিত্ৰ অৰ্থাৎ মেপ সংলগ্ন কৰি দিব লাগিব বুলিও বন অধিকাৰ কমিটীয়ে ৰাজহুৱা জাননীখনত উল্লেখ কৰিছে ৷ অৱশ্যে পট্টা দিয়াৰ এই ব্যৱস্থা কিমান দূৰ কাৰ্যকৰী হ'ব সেয়া সময়েহে ক'ব ৷ এটা কথা ঠিক যে পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা নিদিলেও উচ্ছেদ কৰাটো সহজ নহয় সেই কথা চৰকাৰখনে ভালদৰে জানে ৷ কাৰণ পূৰ্বৰ চৰকাৰৰ দিনত পাহাৰত উচ্ছেদ অভিযান চলোৱাৰ প্ৰয়াস কৰা হৈছিল যদিও চৰকাৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ ব্যাপক আন্দোলন গঢ়ি তুলিছিল পাহাৰত বসবাস কৰা লোকসকলে ৷

ৰাজপথৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে ৰক্তাক্ত হৈছিল ৰাজপথ ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰেও বুজি উঠিছিল যে গুৱাহাটীৰ পাহাৰ সমূহত উচ্ছেদকার্য চলোৱাটো সহজ কথা নহয় ৷ আনহাতে পাহাৰত বসবাস কৰা লোকসকলক ভূমিৰ পট্টা দিয়া হ'ব বুলি প্ৰতিখন চৰকাৰেই আভুৱা ভাৰি আহিছে ৷ বিশেষকৈ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে পাহাৰত বসবাস কৰা লোকসকলক পট্টা দিয়া হ'ব বুলি কেৱল মাথো প্ৰতিশ্ৰুতি দি আহিছে ৷ বিজেপি চৰকাৰেও এতিয়ালৈকে মাথো প্ৰতিশ্ৰুতিহে দি আহিছে ৷

লগতে পঢ়ক :অসমসহ উত্তৰ-পূবত 27 ডিচেম্বৰলৈকে বন্ধ থাকিব 26 খনকৈ যাত্রীবাহী ৰে’ল

ABOUT THE AUTHOR

...view details