অসম

assam

ETV Bharat / state

40 দিনত 20 বাৰ গুলীচালনা: অসম আৰক্ষীৰ বিৰুদ্ধে "ভূৱা এনকাউণ্টাৰ" ৰ অভিযোগ - ধিঙৰ বিধায়ক আমিনুল ইছলাম

1 জুনৰ পৰা অসমত প্ৰায় 20 টাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে ৷ এই এনকাউণ্টাৰত এজন অভিযুক্তৰ মৃত্যু হৈছে ৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে এই এনকাউণ্টাৰৰ জৰিয়তে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ।

40 দিনত 20 টা গুলীচালনা : অসম আৰক্ষীৰ বিৰুদ্ধে "ভুৱা এনকাউণ্টাৰ" অভিযোগ
40 দিনত 20 টা গুলীচালনা : অসম আৰক্ষীৰ বিৰুদ্ধে "ভুৱা এনকাউণ্টাৰ" অভিযোগ

By

Published : Jul 12, 2021, 10:09 AM IST

নিউজ ডেস্ক, 12 জুলাই :মুখ্যমন্ত্ৰীড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দায়িত্ব লোৱাৰ পাছৰে পৰা অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (National Human Rights Commission)ক অৱমাননা কৰাৰ অভিযোগ কৰিছে দিল্লীৰ এজন অধিবক্তাই ৷ দিল্লীস্থিত অধিবক্তা আৰিফ জৱাড্ডাৰে শনিবাৰে দাখিল কৰা অভিযোগ অনুসৰি অসম আৰক্ষীয়ে সৰু সৰু অভিযুক্তসকলক "ভূৱা এনকাউণ্টাৰ" (Fake Encounter)ত গুলীয়াই হত্যা কৰিছে ৷ আৰক্ষীয়ে এই অভিযুক্তসকলক তেওঁলোকৰ জিম্মাৰ পৰা পলাই যোৱাৰ অজুহাত দেখুৱাই গুলীয়াই হত্যা কৰা বুলি অধিবক্তাগৰাকীয়ে দাবী কৰে । বিগত 1 জুনৰ পৰা অসমত প্ৰায় 20 টাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে আৰু এই এনকাউণ্টাৰত এজন অভিযুক্তৰ মৃত্যু হৈছে ৷

শেহতীয়াকৈ নগাঁৱত দেওবাৰে আৰক্ষীৰ গুলীচালনাৰ দুটাকৈ ঘটনা সংঘটিত হৈছিল ৷ এই গুলীচালনাত এটা ডকাইতৰ মৃত্যু হোৱাৰ লগতে আনটো গুলীচালনাৰ ঘটনাত এজন ড্ৰাগছ ব্যৱসায়ী আহত হৈছিল । আৰিফ জৱাড্ডাৰে প্ৰকাশ কৰা অনুসৰি, এই অভিযুক্তসকল ড্ৰাগছ ব্যৱসায়, গৰু চোৰাং ব্যৱসায়, ডকাইতি আদিৰ লগত জড়িত আছিল ৷ তেওঁলোক উগ্ৰপন্থী নাছিল, যি আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ লোৱাৰ সম্ভাৱনা আছিল ।

অধিবক্তাগৰাকীয়ে লগতে কয় য়ে, সু-সজ্জিত সশস্ত্ৰ আৰক্ষী বাহিনীৰ পৰা তেওঁলোকে পিষ্টল কাঢ়ি নিয়াৰ পিছত ব্যৱহাৰ কৰাৰ সম্ভাৱনা খুব কম । তদুপৰি এজন অভিযুক্তই এজন প্ৰশিক্ষিত আৰক্ষী বিষয়াৰ পৰা পিষ্টল কাঢ়ি নিব পৰাটো বিশ্বাস কৰিবলৈ কঠিন ৷ কাৰণ সেই বিষয়াজনৰ পিষ্টল-বন্দুক সাধাৰণতে কঁকালৰ বেল্টত ৰচীৰে বান্ধি ৰখা হয় ৷

ধিঙৰ বিধায়ক আমিনুল ইছলামে (Dhing legislator Aminul Islam) এই এনকাউণ্টাৰ (Fake Encounter)ৰ জৰিয়তে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি অভিহিত কৰে । এনকাউণ্টাৰ (Fake Encounter)ত আহতসকলৰ বেছিভাগেই সংখ্যালঘু সম্প্ৰদায়ৰ । আৰিফ জৱাড্ডাৰে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (National Human Rights Commission) ৰ হস্তক্ষেপৰ দাবী জনায় ৷

উল্লেখ্য যে, বিগত সপ্তাহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma')ই অপৰাধীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিলে "নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে" বুলি মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত, এতিয়া আৰক্ষীয়ে দায়মুক্তভাৱে ভূৱা এনকাউণ্টাৰ (Fake Encounter) চলাই আছে বুলি জৱাড্ডাৰে মন্তব্য কৰে । সম্প্ৰতি এই বিষয়ক লৈ সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :উচ্চবৰ্ণীয় প্ৰেমিকাৰ পৰিয়ালৰ আক্ৰমণৰ বলি দলিত যুৱক

ABOUT THE AUTHOR

...view details