গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক ধাৰাটোত এক নতুন সংযোজন ঘটাবলৈ প্ৰায় সাজু হৈ উঠিছে সদৌ অসম ছাত্ৰ সন্থা (আছু) । 2021 বৰ্ষত অনুষ্ঠিত হোৱাৰ কথা অসমৰ বিধান সভা নিৰ্বাচন ৷ কৰ’ণা মহামাৰীৰ মহামাৰ শেষ হ’লে নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰসংগ আগত ৰাখিয়েই তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ ৷
লগতে পঢ়ক :মৃত্য়ুৰ ক্ষণ গণিছে অনেক আমোলা-বিষয়া গঢ় দিয়া এখন বিদ্যালয়ে
চলিত বৰ্ষৰ আৰম্ভণিতে নাগৰিকত্ব সংশোধনী আইনক লৈ যি ব্যাপক আন্দোলন গঢ়ি উঠিছিল তাৰ মাজতেই চৰ্চা চলিছিল বিকল্প ৰাজনৈতিক দলৰ ৷ পাচৰ পৰ্যায়ত অজিত ভূঞা, বিদ্যুৎ বৰা, অদীপ ফুকন আদি বহুকেইজন ব্যক্তিৰ নেতৃত্বত গঠন হ'ল আঞ্চলিক গণ মৰ্চা ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ ৰাজনীতিত সদৌ অসম ছাত্ৰসন্থাৰ নেতৃত্বত আন এক আঞ্চলিক দলৰ অভ্যুত্থান ঘটাৰ যো-জা চলিছে ৷ মূলতঃ "কা" বিৰোধী শক্তিক মূলধন হিচাপে লৈয়েই ৰাজনৈতিক পথাৰখনত নামিব খোজা আছুৱে খুব সোনকালেই এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিব ।
লগতে পঢ়ক :EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী
আছুৰ ঔৰসত পূৰ্বে জন্ম লাভ কৰা অসম গণ পৰিষদ দলক ৰাইজে একাগ্ৰ চিত্তে আঁকোৱালি লৈছিল যদিও নিজৰ জনপ্ৰিয়তা অটুট ৰাখিব নোৱাৰিলে অগপই ৷ শেহতীয়াকৈ বিজেপিৰ সৈতে মিত্ৰযোঁটত থকা অসমৰ একমাত্ৰ আঞ্চলিক দল অগপৰ ভেটি থৰক বৰক ৷ যাৰ বাবে ৰাজ্যত প্ৰয়োজনীয়তা আহি পৰিছে এটা সবল আঞ্চলিক দলৰ ৷ ইতিমধ্যে আঞ্চলিক ৰাজনৈতিক ভাবধাৰাৰে উদ্বুদ্ধ অসমৰ কেইগৰাকীমান বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা শুভাকাংখী লোকক লৈ আছুৱে এখন পৰামৰ্শদাতা সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছে । উক্ত সমিতিখনেই আগন্তুক দিনবিলাকত সদৌ অসম ছাত্ৰ সন্থাই কেনেধৰণৰ ৰাজনৈতিক পথেৰে আগবঢ়াটো উচিত হ’ব সেই বিষয়ে ব্লু প্ৰিন্ট প্ৰস্তুত কৰি দিব । সেই ব্লু প্ৰিন্টৰ আধাৰতে জন্ম হ’ব আছুৰ উদ্যোগত এটা নতুন আঞ্চলিক ৰাজনৈতিক দল ।