গুৱাহাটী,৯ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰায়েই সংঘটিত হৈ আহিছে বন্যহস্তীৰ ত্ৰাসৰ ঘটনা (Man Elephant conflict in Assam) । জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শস্য নষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰি আহিছে ৰাইজ ৷ সম্প্ৰতি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে ৰাইজে(Wild elephant free roaming in Chandrapur) ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে নষ্ট কৰিছে কৃষকৰ সপোনৰ ফচল ।
মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰ অঞ্চলতো দিনক দিনে বৃদ্ধি পাব ধৰিছে বনৰীয়া হাতীৰ উপদ্রৱ(Wild Elephant Terror at Chandrapur) । খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা নিতৌ ওলাই অহা বন্যহস্তীৰ জাকে পানবাৰী, ঠাকুৰকুছি আদি অঞ্চলত উপদ্রৱ চলোৱাত অঞ্চলবাসীয়ে এতিয়া উজাগৰী নিশা পাৰ কৰিবলগা হৈছে । বিশেষকৈ বনৰীয়া হাতীৰ জাকটোবে সন্ধিয়া হোৱাৰ লগে লগে ধাননি পথাৰত প্ৰৱেশ কৰি অঞ্চলটোৰ দৰিদ্ৰ কৃষক পৰিয়ালে কৰা খালি ধানৰ খেতি খাই গচকি নষ্ট কৰি আহিছে ।