গুৱাহাটী, 15 জুলাই : মহাানগৰী সাতগাঁৱত বন্য হস্তীৰ মুক্ত বিচৰণ ৷ কৰ'ণা আতংক আৰু লক্ ডাউনৰ মাজতেই মহানগৰীত বন্যহস্তীৰ মুক্ত বিচৰণ। বুধবাৰে পুৱাৰ ভাগত মহানগৰী সাতগাঁৱত মুক্তভাৱে বিচৰণ কৰা দেখা গ'ল এটা বন্যহস্তী ৷ সাতগাঁও স্থিত সেনা শিবিৰৰ মূল প্ৰৱেশ দ্বাৰৰ লগতে মুক্ত বিচৰণ কৰে হাতীটোৱে । খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা হাতীটো জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ বন্য হস্তীৰ মুক্ত বিচৰণত আতংকিত অঞ্চলবাসী। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগৰ এটা দল উপস্থিত হৈ পুনৰ আমচাং অভয়াৰণ্যলৈ পঠিয়াবলৈ সক্ষম হয় হাতীটো ৷
মহানগৰীৰ সাতগাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ - বন্যহস্তী
কৰ'ণা আতংক আৰু লক্ ডাউনৰ মাজতেই মহানগৰীত বন্যহস্তীৰ মুক্ত বিচৰণ। বুধবাৰে পুৱাৰ ভাগত মহানগৰী সাতগাঁৱত মুক্তভাৱে বিচৰণ কৰা দেখা গ'ল এটা বন্যহস্তী ৷ সাতগাঁও স্থিত সেনা শিবিৰৰ মূল প্ৰৱেশ দ্বাৰৰ লগতে মুক্ত বিচৰণ কৰে হাতীটোৱে ।
wild elephant roaming in guwahati
উল্লেখ্য যে, পলাশবাৰী অঞ্চলতো বানত উটি অহা এটা হাতীয়ে পাঁচ দিন ধৰি বিচৰণ কৰি আছে ৷ কিন্তু ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পাচতো হাতীটোক সেই স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বনবিভাগ ৷
লগতে পঢ়ক :নিৰ্মানৰ দুমাহ পাছতেই খহি পৰিল দলং