গুৱাহাটী,10 জুলাই:ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত (Man elephant conflict in Assam) ৷ ৰাজ্যত প্ৰায়েই হাতীৰ আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে ৷ সমান্তৰালভাৱে প্ৰাণ হেৰুৱাইছে বন্যহস্তীয়ে(Wild elephant dies in Satgaon)। ৰাজ্যৰ বন বিভাগে এই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই সমস্যাৰ কোনো সমাধান নোহোৱাৰ প্ৰায়েই অভিযোগ উত্থাপন হৈ আহিছে ৷
ইয়াৰ মাজতে পুনৰ খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনাই বিৰাজ কৰিছে চাঞ্চল্য । মহানগৰী সাতগাঁওস্থিত নাৰেঙ্গী সেনা ছাউনীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় হাতীটোৰ(Wild elephant electrocuted in Satgaon Guwahati) । বন বিভাগৰ পৰা জানিব পৰা মতে, শনিবাৰে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত আমছিং বনাঞ্চলৰ পৰা ওলাই আহিছিল প্ৰায় 14 বছৰীয়া বন্যহস্তীটো । সাতগাঁওস্থিত নাৰেঙ্গী সেনা চাউনীৰ নিচেই কাষতেই বিচৰণ কৰি থকাৰ সময়ত খাদ্য বুলি ভাবি দেৱালত লাগি থকা বিদ্যুৎ পৰিবাহীৰ তাৰ ভক্ষণ কৰাৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি লয় বন্য হস্তীটোৱে ।