ৰঙিয়া, 29 জুলাই :স্বাস্থ্য বিভাগ(health department)ৰ খেলিমেলিৰ বাবে ৰঙিয়াৰ এগৰাকী মহিলাই স্বামীৰ শেষকৃত্যৰ পৰা বঞ্চিত হ'ল ৷ শৰীৰত ক'ভিডৰ অৱস্থিতি ধৰা পৰাত ২৪ দিনৰ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল মহিলাগৰাকীৰ স্বামীক । ৰঙিয়াৰ মিলনপুৰ নিবাসী ধ্বজেন শৰ্মাই ২৪ দিনৰ পূৰ্বে ৰঙিয়াৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড এণ্টিজেন টেষ্ট(rapid antizen test) কৰিছিল । শৰীৰত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে ৰঙিয়া স্বাস্থ্য খণ্ডৰ ফালৰ পৰা মিলনপুৰৰ নিবাসী ই-ৰিক্সা চালক ধ্বজেন শৰ্মাক সৰুসজাইৰ ক’ভিড হাস্পতললৈ প্ৰেৰণ কৰা হৈছিল ৷
ইয়াৰ পিছৰে পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে শৰ্মাৰ । এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো স্বামীৰ কোনো খবৰ লাভ নকৰাত পত্নী মুনু দেৱীয়ে ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত যোগাযোগ কৰে । ধ্বজেন শৰ্মাক উন্নত চিকিৎসাৰ বাবে সৰুসজাইৰ ক’ভিড হাস্পতালৰ (covid hospital Sarusajai) পৰা আমিনগাঁও কভিড হাস্পতাললৈ প্ৰেৰণ কৰা বুলি স্বাস্থ্য বিভাগৰ পৰা জনোৱা হয় ।
লগতে পঢ়ক :অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে