গুৱাহাটী, 29 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ শাসকীয় বিজেপিৰ মিত্রদল অগপত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে । কিন্তু অগপৰ শীর্ষ নেতৃত্বই খচৰাক লৈ দলৰ ভিতৰত সৃষ্টি হোৱা ক্ষোভ-অসন্তুষ্টিক এতিয়ালৈকে গুৰুত্বসহকাৰে লোৱা নাই । যাৰ পৰিণতিত দলীয় নেতা-কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্টি দলৰ গুৱাহাটীৰ আমবাৰীস্থ মুখ্য কাৰ্যালয় আহি পাইছেহি ।
উল্লেখ্য যে, বুধবাৰে আমবাৰীৰ কাৰ্যালয়ত অগপৰ কামৰূপ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল । যিখন বৈঠকতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক সকলোৱে একমুখে নাকচ কৰিছিল । অগপই দলীয়ভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখনক সমৰ্থন জনাইছে যদিও দলৰ বহু নেতাই ইয়াৰ বিৰোধিতা কৰিছে ।
অভিযোগ উঠিছে যে, দিছপুৰত মন্ত্রী অশোক সিংহল, জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই তৈয়াৰ কৰা খচৰা বা নক্সা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ নি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ জৰিয়তে নির্বাচন আয়োগত দাখিল কৰিছে ৷ সেই খচৰাকে নির্বাচন আয়োগে 20 জুনত প্ৰকাশ কৰে ।
বিৰোধী ৰাজনৈতিক দলসমূহে কোনো কাৰণতে মানি নোলোৱা খচৰাখনক লৈ মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে অগপৰ কেইবাজনো নেতাই । তেওঁলোকে অভিযোগ কৰা অনুসৰি বিজেপিৰ মন্ত্ৰী তিনিজনে খচৰা তথা নক্সা তৈয়াৰ কৰাৰ সময়ত পুৱতি নিশালৈকে এজন এজনকৈ বিজেপিৰ বিধায়ক-সাংসদক মাতি নি সংগোপনে তেওঁলোকৰ মতামত লৈছিল । কিন্তু শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অগপৰ নেতা তথা বিধায়কৰ সৈতে আলোচনা কৰা নাছিল মন্ত্ৰী অশোক সিংহল, জয়ন্তমল্ল বৰুৱা আৰু পীযুষ হাজৰীকাই ।
অগপৰ কোনো মতামত নোলোৱাকৈয়ে বিজেপিৰ তিনি মন্ত্ৰীয়ে প্ৰস্তুত কৰা এই খচৰাক এতিয়া মানি ল'ব খোজা নাই সমষ্টি হেৰুওৱা অধিকাংশ বিধায়ক তথা নেতাই । সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া দলীয়ভাৱে আগবঢ়াই নিয়াৰ বাবে অগপই পূর্বতে এখন পাঁচজনীয়া সমিতিও গঠন কৰিছিল । কিন্তু অগপৰ এই পাঁচজনীয়া এই সমিতিৰ এখনো বৈঠক অনুষ্ঠিত নহ'ল বুলি এতিয়া অভিযোগ উঠিছে ।