অসম

assam

ETV Bharat / state

Covid cases increase in Guwahati: আই আই টি গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ - আই আই টি গুৱাহাটী

আই আই টি গুৱাহাটীৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ (Widely covid infection in IIT Guwahati) । চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ । শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা শিক্ষাৰ্থীৰ বাহিৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে ।

Covid cases increase in Guwahati
আই আই টি গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ

By

Published : Jan 5, 2022, 5:26 PM IST

গুৱাহাটী, ৫ জানুৱাৰী : আই আই টি গুৱাহাটীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ (Covid infection in IIT Guwahati)। ইতিমধ্যে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । আক্ৰান্তসকলৰ অধিকাংশই ৰাজ্যৰ বাহিৰৰ পৰা অহা শিক্ষাৰ্থী । চলিত সপ্তাহত হঠাৎ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ (Widely covid infection in IIT Guwahati) । শিক্ষা প্ৰতিষ্ঠানখনৰ পৰা শিক্ষাৰ্থীৰ বাহিৰলৈ অহা-যোৱা বন্ধ কৰা হৈছে । নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰো ।

কেইবাজনো বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহতো পোৱা গৈছে ক'ভিডৰ উপস্থিতি ।

আই আই টি গুৱাহাটীত ক'ভিডৰ সংক্ৰমণ

আই আই টি গুৱাহাটী কৰ্তৃপক্ষই জনোৱা মতে, ৩০ ডিচেম্বৰৰ পৰা এতিয়ালৈকে প্ৰতিষ্ঠানখনৰ চৌহদত থকা ৫০ ৰো অধিক বাসিন্দাৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰিছে । ইয়াৰে এটা পৰিয়ালক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Gauhati Medical College and Hospital)ত ভৰ্তি কৰোৱা হৈছিল (Covid cases increase in Guwahati) । বৰ্তমান পৰিয়ালটো সুস্থ হৈছে ।

সম্প্ৰতি চৌহদত ব্যাপকভাৱে ক'ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিষ্ঠানখনৰ চৌহদত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ।

লগতে পঢ়ক :Covid Situation of Assam : ৰাজ্যৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details