অসম

assam

ETV Bharat / state

কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ? - Mamata Benarjee

তৃণমূল কংগ্ৰেছ(Trinamul Congress)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰেইনৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগদান কৰিলে মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেবে(Sushmita Deb) । কিন্তু কিয় কংগ্ৰেছ(Congress) দলৰ হৈ কাম নকৰাৰ সিদ্ধান্ত ল'লে সুস্মিতা দেবে ? পিতৃ সন্তোষমোহন দেব(Santoshmohan Deb)ৰ ৰাজনৈতিক আদৰ্শ এৰি সুস্মিতা দেবে মমতা বেনাৰ্জী(Mamata Benarjee)ৰ সংগ লোৱাৰ কাৰণ কি ?

Sushmita deb joins trinamul congress
তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

By

Published : Aug 16, 2021, 5:11 PM IST

গুৱাহাটী, ১৬ আগষ্ট: এটা আজীৱন কংগ্ৰেছী(Congress) পৰিয়াল । যিটো পৰিয়ালৰ মূল মানুহজনেই আছিল কংগ্ৰেছ দলৰ বটবৃক্ষ স্বৰূপ । আজি সেই পৰিয়ালটোৰেই দ্বিতীয়টো প্ৰজন্মৰ যেন মোহভংগ হৈছে শতিকা প্ৰাচীন এই দলটোৰ প্ৰতি ! বৰাক উপত্যকাত সুদীৰ্ঘ সময়জুৰি দুটা পৰিয়ালকে কংগ্ৰেছী ৰাজনীতিৰ আটাইতকৈ শক্তিশালী পৰিয়াল বুলি জনা গৈছিল ।

প্ৰথমটো আছিল সন্তোষমোহন দেব(Santoshmohan Deb)ৰ পৰিয়াল আৰু আনটো গৌতম ৰয়ৰ পৰিয়াল । ইয়াৰে দ্বিতীয়টো পৰিয়ালৰ মূল কাণ্ডাৰীজনে অৰ্থাৎ গৌতম ৰয়ে ইতিমধ্যে সুবিধা বুজি বিজেপিত যোগ দিছে । কিন্তু সন্তোষমোহন দেবৰ পৰিয়ালৰ লোকেও যে কংগ্ৰেছ এৰিব পাৰে সেই কথা আজি প্ৰমাণ কৰিলে সন্তোষমোহনৰ কন্যা সুস্মিতা দেবে(Sushmita Deb)। পিতৃ প্ৰয়াত সন্তোষমোহন দেব কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্যায়তে আছিল এজন আগশাৰীৰ নেতা ।

তিনিবাৰকৈ শিলচৰ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্বত আছিল । তেওঁৰ পত্নী বীথিকা দেব আৰু কন্যা সুস্মিতা দুয়ো দুবাৰকৈ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল ।

পৰৱৰ্তী সময়ত সুস্মিতা দেব শিলচৰৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ পিতৃয়ে খালি কৰি থৈ যোৱা আসনখন পূৰণ কৰিছিল । কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচনত শিলচৰত পৰাজিত হ'বলগীয়া হৈছিল সুস্মিতা দেব । কিন্তু পৰাজিত হ'লেও কংগ্ৰেছ দলে স-সন্মানে সুস্মিতাক যাচিছিল সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদ । আজি হঠাতে তৃণমূল কংগ্ৰেছ(Trinamul Congress)ত যোগ দিয়াৰ সময়লৈকে তেওঁ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ পদতেই অধিষ্ঠিত হৈ আছিল ।

মনকৰিবলগীয়া যে, যি সময়ত ৰাজ্যত "কা" বিৰোধী আন্দোলন তুংগত উঠিছিল, কংগ্ৰেছ দলে "কা" ৰ বিৰোধিতা কৰিছিল, সেই সময়তে দলৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ "নাগৰিকত্ব সংশোধনী আইন"ৰ সমৰ্থক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল সুস্মিতা দেবে । সেই সময়তে ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলিছিল যে সুস্মিতা দেবে হয়তো বিজেপিত যোগদান কৰিব । কিন্তু তেনেকুৱা একোৱেই নঘটিল । আজি হঠাতে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি মমতা বেনাৰ্জী(Mamata Benarjee)ৰ তৃণমূল কংগ্ৰেছত যোগ দিয়ে ।

ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধী উভয়ৰে সৈতে খুব ওচৰ সম্পৰ্ক আছিল সুস্মিতা দেৱৰ । তৎস্বত্বেও কংগ্ৰেছ ত্যাগ কৰিলে তেওঁ । প্ৰাপ্ত খবৰ অনুসৰি, সুস্মিতা দেবক ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ নেতৃত্ব অৰ্পণ কৰিব মমতা বেনাৰ্জীয়ে । ইতিমধ্যে, এই বুজাবুজিত চূড়ান্ত মোহৰ পৰিছে ।

স্মৰ্তব্য যে, সুস্মিতাৰ পিতৃ প্ৰয়াত সন্তোষমোহন দেবো এবাৰ শিলচৰত পৰাজিত হোৱাত পৰৱৰ্তী সময়ত ত্ৰিপুৰালৈ গৈ সেই ৰাজ্যৰ পৰা নিৰ্বাচন খেলাই নহয়, সাংসদ হিচাপেও নিৰ্বাচিত হৈ গৈছিল । হয়তো পিতৃয়ে দেখুৱাই যোৱা পথেৰেই আগুৱাব খুজিছে সুস্মিতা । কিন্তু পাৰ্থক্য এটাই - সন্তোষমোহন দেবে কংগ্ৰেছ এৰা নাছিল । কংগ্ৰেছৰেই সাংসদৰূপে ত্ৰিপুৰাৰ পৰা নিৰ্বাচিত হৈ গৈছিল আৰু ইয়াৰ বিপৰীতে সুস্মিতাই কিন্তু কংগ্ৰেছ এৰি মমতা বেনাৰ্জীৰ কোলাত উঠিহে আধৰুৱা সপোন পূৰ্ণ কৰিব খুজিছে ।

লগতে পঢ়ক:তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

ABOUT THE AUTHOR

...view details