গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : সমাগত বিশ্বকৰ্মা পূজা । ভগৱান বিশ্বকৰ্মাক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি কোৱা হয় । এইবৰ্ষ বিশ্বকৰ্মা পূজা ১৮ ছেপ্টেম্বৰত পালন কৰা হ’ব । প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয় । অৰ্থাৎ অসমীয়া মাহ অনুসৰি ৩১ ভাদত বিশ্বকৰ্মা পূজা পালন কৰা হয় ।
প্ৰতিবছৰে বিশ্বকৰ্মা পূজা ১৭ ছেপ্টেম্বৰত পালন কৰা হয় যদিও এই বৰ্ষ ভাদ মাহৰ সংক্ৰান্তি ১৮ ছেপ্টেম্বৰত পৰিছে ৷ যাৰ বাবে সেইদিনাই বিশ্বকৰ্মা পূজা পালন কৰা হ’ব । ভগৱান বিশ্বকৰ্মাক দেৱশিল্পী নামেৰেও জনা যায় । দেৱ-দেৱীসকলৰ যিসমূহ অস্ত্ৰ-শাস্ত্ৰ আছে, সেইসমূহ নিৰ্মাণৰ ক্ষেত্ৰতো ভগৱান বিশ্বকৰ্মাৰ আধিপত্যতা আছে ।
লোককথা অনুসৰি, ভগৱান শিৱ আৰু পাৰ্বতীৰ বাবে তেওঁ প্ৰথম এটা সোণৰ মহল অৰ্থাৎ এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল । যি ৰাজপ্ৰসাদক পৰৱৰ্তী সময়ত ৰাৱণৰ লংকাত নামে পৰিচিত হৈছিল । কাহিনী অনুসৰি, সেই ৰাজপ্ৰসাদটোৰ গৃহ প্ৰৱেশৰ দিনা ঋষি বিশ্ৰৱাৰ হাতেৰে সেই গৃহ প্ৰৱেশৰ পূজা কৰোৱা হৈছিল ।
পূজাৰ শেষত অন্তত মহাদেৱে তেওঁক দক্ষিণা কি লাগিব বুলি প্ৰশ্ন কৰোতে তেওঁ সেই ৰাজপ্ৰসাদটোকে বিচাৰিছিল । এই কথাত খৰ্গগ্ৰস্ত হৈ মাতা পাৰ্বতীয়ে অভিশাপ দিছিল যে এদিন নহয় এদিন এই ৰাজপ্ৰসাদটো জ্বলি চাৰখাৰ হ’ব । আৰু পৰৱৰ্তী সময়ত সেয়াই হৈছিল । ৰাম আৰু ৰাৱণৰ যুদ্ধৰ সময়ত সোণৰ লংকা জ্বলাই হনুমানে চাৰখাৰ কৰিছিল ।
- বিশ্বকৰ্মা পূজাৰ দিনাখন কি কি নিয়ম পালন কৰিব লাগে ?