গুৱাহাটী, ১৫ ডিচেম্বৰ : অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব তাকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা (Recruitment of new DGP of Assam) । উল্লেখ্য, অহা ৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । ৩১ জানুৱাৰীত অৱসৰ ল’ব ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta retirement) ।
গতিকে এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে দিছপুৰত আৰম্ভ হৈছে তৎপৰতা । দিছপুৰৰ এই তৎপৰতাক লৈ আৰক্ষী মহলত নতুন সঞ্চালক প্ৰধানক সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে (discussion begins for new DGP of Assam) । নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব কাক অৰ্পণ কৰিব তাকে লৈ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ লগতে এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ সন্ধানত ৰাজ্যৰ গৃহ বিভাগ ব্যস্ত হৈ পৰিছে (Home Department of Assam) ।
উক্ত চৰ্চাৰ শীৰ্ষত আছে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম (special DGP GP Singh) । ১৯৯১ চনৰ আই পি এছ বিষয়া হৈছে জি পি সিং ৷ দ্বিতীয়তে চৰ্চাত আছে একে বৰ্ষৰে আই পি এছ বিষয়া কমিউনিকেচন শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এছ এন সিঙৰ নাম । আনহাতে, তৃতীয়তে চৰ্চাত আছে ১৯৯২ বৰ্ষৰ বিষয়া হৰমিত সিঙৰ নাম ।