গুৱাহাটী,১৫ এপ্ৰিল:ৰাম নৌওপজোতেই ৰামায়ণ ! দিছপুৰত পৰৱৰ্তী চৰকাৰ মহাজোঁটৰেই হ’ব বুলি আত্মবিশ্বাসী, কংগ্ৰেছ নেতৃবৰ্গৰ মাজত এতিয়া এজন মুখ্যমন্ত্ৰীৰ সন্ধান চলিছে । কিয়নো সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ বাবে কাকো প্ৰক্ষেপ নকৰাকৈয়ে অৱতীৰ্ণ হৈছিল । কিন্তু এতিয়া কংগ্ৰেছৰ ভিতৰ মহলত গুণা-গঁঠা চলিছে-দিছপুৰত মহাজোঁটৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী হ’ব কোন ?
বিগত বিধানসভা নিৰ্বাচনৰ সময়তে কংগ্ৰেছ হাই কমাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ একপ্ৰকাৰ পাখি কাটি এই কথা বুজাই দিছে যে তেওঁক আগন্তুক সময়ত দলে কোনো ধৰণৰ বিশেষ গুৰু দায়িত্ব দিয়াৰ পক্ষপাতি নহয় । কিয়নো তেওঁৰ পৰিৱৰ্তে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এইবাৰৰ বিধানসভা নিৰ্বাচনত অধিক গুৰু দায়িত্ব অৰ্পণ কৰিছিল প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু দেৱব্ৰত শইকীয়াৰ ওপৰত । এই সুযোগৰে সদ ব্যৱহাৰ কৰিবলৈ এতিয়া উঠি-পৰি লাগিছে উক্ত চাৰি নেতা । পিছপৰি ৰোৱা নাই ৰিপুণ বৰাও ।