গুৱাহাটী, ৭ মে: প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি কোন হ’ব ৷ বিধানসভাত বিৰোধী দলপতিৰ আসনত কোন বহিব ৷ এই বিষয়টোৱে এতিয়া ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে ৷ কংগ্ৰেছৰ ২৯ গৰাকী বিধায়কক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছত চলিছে জল্পনা-কল্পনা ।
কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি উল্লেখযোগ্য যে, সভাপতি পদৰ পৰা ইতিমধ্যে ব্যৰ্থতাৰ দায়িত্ব মুৰ পাতি লৈ ৰিপুণ বৰাই পদত্যাগ কৰাৰ পিছত দলৰ হাইকমাণ্ডে পৰৱৰ্তী সভাপতি নিযুক্তি নিদিয়া পৰ্যন্ত ৰিপুণ বৰাকেই দায়িত্ব পালন কৰি যাবলৈ নিৰ্দেশ দিছে । তাৰ সমান্তৰালভাৱে পৰৱৰ্তী সভাপতি কোন হ‘ব তাক লৈও এতিয়া গুণাগঠা চলিছে দলটোৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ এক সুত্ৰই সদৰী কৰা মতে, এইক্ষেত্ৰত সবাটোকৈ অধিক চৰ্চিত হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক দেৱব্ৰত শইকীয়াৰ নাম ।
কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে সমানে কুচকাৱাজ চলিছে বিৰোধী দলপতিক লৈও । কিয়নো সংখ্যাৰ লেখেৰে কমেও ২৬ গৰাকী বিধায়ক জিকি অহা দলটোৰ পৰাই বাচনি কৰা হয় বিৰোধী দলপতি । সেই হিচাপত বিৰোধী দলপতিগৰাকী নিশ্চিতভাৱে হ’ব লাগিব কংগ্ৰেছ দলৰ । বিৰোধী দলপতি পদটো হৈছে মৰ্যাদাসম্পন্ন এটা পদবী । বিৰোধী দলপতিগৰাকীয়ে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যাদা । সেয়েহে এই পদটোৰ গুৰুত্বও অসীম ।
কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি সম্প্ৰতি এই "লোভনীয়" পদৰ বাবে সৰ্বাধিক চৰ্চিত হৈছে প্ৰাক্তন মন্ত্ৰী ভৰত চন্দ্ৰ নৰহৰ নাম । ৰাজনৈতিকভাবে অত্যন্ত বিচক্ষণ ভৰত নৰহ তিনিবাৰকৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল । আনহাতে, তেওঁৰ লগতে বৰ্তমানৰ উপ-দলপতি ৰকিবুল হুছেইনৰ নামো চৰ্চালৈ আহিছে বিৰোধী দলপতি পদৰ বাবে ।
কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি লগতে পঢ়কঃ প্লাষ্টিকেৰে নিৰ্মাণ কৰা হ’ল গ্ৰাম্য পথ