নিউজ ডেস্ক, 4 জানুৱাৰী : অবিশ্বাস্য ! অবৰ্ণনীয় ! বুধবাৰে সূৰ্যোদয়ৰ পূৰ্বেই সংঘটিত হ’ল কাহানিও পাহৰিব নোৱৰা এক ঘটনা ৷ বছা-ভৰলোৱা গাঁৱত এতিয়া কেৱল কান্দোনৰ ৰোল উঠিছে ৷ কোনোবাই যদি হেৰুৱাইছে পুত্ৰ-বোৱাৰীক, আন কোনোৱে হেৰুৱালে জীসহ নাতি-নাতিনীক ৷ এই কৰুণ সময়খিনিত মৃত্যুও যেন ক্ষণিকৰ বাবে হৈ পৰিল বাকৰুদ্ধ ! ম্ৰিয়মান !
কাৰ ভুলৰ বাবে একেলগে একেখন পথাৰতে জ্বলিল 11 খনকৈ চিতা ? বাকৰুদ্ধ আজি সকলো...কাৰোবাৰ মতে ঘন কুঁৱলীৰ বাবেই দেৰগাঁৱত এই অনাকাংক্ষিত ঘটনাটো সংঘটিত হ’ল ৷ আন কাৰোবাৰ মতে, ৰাষ্ট্ৰীয় ঘাইপথছোৱা বেয়া হোৱাৰ বাবেই এই পথ দুৰ্ঘটনাটো সংঘটিত হ’ল ৷
আপুনি হয়তো মন কৰিলে সহজেই অনুমান কৰিব পাৰিব যে, উজনিলৈ যোৱা পথছোৱা প্ৰকৃততে কিমান সুচল ! ক’ৰবাত যদি প্ৰকাণ্ড গাঁত, আন ক’ৰবাত আকৌ ৰাষ্ট্ৰীয় ঘাইপথ নে জকাইচুকৰ গৰু বাট সেয়া ধৰিবই নোৱাৰি ৷ এতিয়া আহিছো ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ প্ৰসংগলৈ ৷
নুমলীগড়-গোলাঘাট সংযোগী এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ কাম দিয়া হৈছিল ৰাজস্থানৰ গণপতি কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোক ৷ এই কোম্পানীটোৰ মালিক ৰমেশ গুলাটী আৰু সুদেশ গুলাটী ৷ এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল 814 কোটি টকা ৷ 2018 চনতেই এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ কথা আছিল ৷ কিন্তু 2018 চন পাৰ হৈ এতিয়া 2024 পালেহি ৷ তথাপিও আজিকোপতি সম্পূৰ্ণ হোৱা নাই নুমলীগড়-গোলাঘাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷
গণপতি কনষ্ট্ৰাকশ্যনৰ এইবাৰ অজুহাত, ইতিমধ্যে দেশত মূল্যবৃদ্ধি হৈছে ৷ এই মূল্যবৃদ্ধিৰ বাবেই উৎপাদন ব্যয় হেনো বৃদ্ধি পাইছে ৷ গতিকে 814 কোটি টকাৰে সম্পূৰ্ণ হৈ নুঠিব এই 40 কিলোমিটাৰ পথ ৷ সেয়েহে পূৰ্বতে ধাৰ্য কৰা ধনৰ পৰিমাণ বঢ়াই দিব লাগে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুলাটী বাহিনীৰ এই আৰ্জি শুনি ইতিমধ্যে NHIDCL এ ধনৰ পৰিমাণো প্ৰায় 40 শতাংশ বৃদ্ধি কৰিছে ৷
এতিয়া প্ৰশ্ন হয়, ইমানখিনি ধন ব্যয় কৰাৰ পাচতো কিয় 2018 চনৰ পৰা আজিকোপতি সম্পূৰ্ণ হোৱা নাই নুমলীগড়-গোলাঘাট সংযোগী এই 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ দেৰগাঁও দুৰ্ঘটনাৰ দৰে এটা ডাঙৰ অঘটন হোৱালৈকেহে বাট চাই আছিল নেকি নীতিন গাডকাৰীৰ অধীনত কাম কৰি থকা গুলাটীহঁতে ? ইতিমধ্যে বৃহস্পতিবাৰে অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দিল্লীৰ চেভ লাইফ ফাউণ্ডেশ্যন নামৰ সংস্থাটোৰ বিষয়ববীয়া সকলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ পৰীক্ষা কৰিছে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনো ৷