অসম

assam

ETV Bharat / state

কোন এই দিবন ডেকা ? কি সম্পৰ্ক আৰ এছ এছ-বিজেপিৰে ? - দিবন ডেকা

২০১১ ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আছিল দিবন ডেকা ৷ আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত জালিয়াতিৰ লগতে সাৰদা কেলেংকাৰীতো সাঙোৰ খাইছিল দিবন‌ ডেকাৰ নাম ৷

কোন এই দিবন ডেকা ?
কোন এই দিবন ডেকা ?

By

Published : Sep 28, 2020, 3:46 PM IST

গুৱাহাটী, ২৮ ছেপ্তেম্বৰ: মানুহজন কোনো বিখ্যাত বা নামজ্বলা ব্যক্তিত্বৰ নহয় । কিন্তু নিশাটোৰ ভিতৰতে ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছে তেওঁৰ নাম । কোনেও নজনা নুশুনা এটা নাম ৰাতিটোৰ ভিতৰতে এতিয়া মানুহৰ মুখে মুখে । নাম তেওঁৰ দিবন ডেকা । অসমত যেতিয়া সাৰদা কেলেংকাৰীৰ ঘটনা তুংগত উঠিছিল তেতিয়াই সেই বৃহৎ কেলেংকাৰীৰ সৈতে সাঙোৰ খাইছিল দিবন‌ ডেকাৰো নাম । পৰৱৰ্তী পৰ্যায়ত "মেনেজ" কৰাত ওস্তাদ বুলি জনাজাত দিবন ডেকা সাৰি গৈছিল এই অভিযোগৰ পৰা । সুদীৰ্ঘ সময়জুৰি আৰ এছ এছ আৰু বিজেপিৰে ওচৰ সম্পৰ্ক ৰাখি চলা দিবন ডেকাৰ আচল ঘৰ নলবাৰী জিলাৰ বৰভাগৰ ননৈ অঞ্চলত ।

সম্প্ৰতি আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত জালিয়াতি বা চাকৰি বিক্ৰীৰ বৃহৎ চক্ৰটোৰ অন্যতম কাণ্ডাৰীৰূপে চিহ্নিত হোৱা দিবন ডেকা ২০১১ ৰ বিধানসভা নিৰ্বাচনত আছিল বৰক্ষেত্ৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ‌। আজিৰ তাৰিখতো তেওঁ বিজেপি আৰু আৰ এছ এছৰ সৈতে জড়িত । সেই সুত্ৰেই বহু বাঘা বাঘা নেতাৰ সৈতে আছে তেওঁৰ নিকট সম্পৰ্ক । যাৰ ফলশ্ৰুতিতে তদন্তকাৰী সংস্থাই এতিয়া তেওঁক "বিচাৰি নোপোৱা" হৈছে বুলি অভিযোগ উত্থাপন হৈছে ।

কোন এই দিবন ডেকা ?

দিবন ডেকাই ২০১১ ৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাচত কয়লা ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰাৰো অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি, নাগালেণ্ডৰ পৰা অহা অবৈধ কয়লা অসম পাৰ কৰি উলিয়াই পঠিওৱাৰ "গুৰু দায়িত্ব" আছিল দিবন ডেকাৰ ওপৰত । কাৰণ অসম আৰক্ষীৰ বিষয়া, বহু মন্ত্ৰী-বিধায়ক, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া, ৰাজনৈতিক নেতা আদিৰ সৈতে আছিল তেওঁৰ মধুৰ সম্পৰ্ক । সেয়েহে, এতিয়া দিবন ডেকাৰ নাম চাকৰি ছিণ্ডিকেট কেলেংকাৰীত পোহৰলৈ অহাৰ লগে লগে একপ্ৰকাৰ পেটতে হাত ভৰি লুকুওৱাৰ উপক্ৰম হৈছে বহু নেতাৰ ।

প্ৰাপ্ত তথ্য অনুসৰি, কয়লা বেপাৰত জড়িত হোৱাৰ সুবাদতে মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে গঢ়ি উঠিছিল তেওঁৰ আন এক ওচৰ সম্পৰ্ক । ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবেও দিবন ডেকা হৈছে বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ । এসময়ত বিজেপিৰ যুৱ মৰ্চাৰ নেতা হৈ থাকোতেই আজিৰ কেইবাজনো প্ৰভাৱশালী মন্ত্ৰী, বিজেপি নেতা, আৰ এছ এছ নেতাৰ ভাতঘৰৰ মানুহ হৈ পৰিছিল দিবন ডেকা । গতিকে আৰক্ষীৰ পৰা আৰম্ভ কৰি ৰাজনীতিকলৈ দিবন ডেকাক "সুৰক্ষা" দিব পৰা লোকৰ অভাৱ নাই । কেৱল আৰক্ষীৰ পৰীক্ষাই নহয়, ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু জনসংযোগ বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াতো বিশাল ছিণ্ডিকেট গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে নেতাগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক:SI পৰীক্ষাৰ বিষয়টো কেলেংকাৰী নহয়, বেমেজালিহে: ৰূপম গোস্বামী

ABOUT THE AUTHOR

...view details