অসম

assam

By

Published : Sep 8, 2020, 10:37 PM IST

ETV Bharat / state

সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ?

ডঃ ভূপেন হাজৰিকাৰ দৰে বিশ্ব বৰেণ্য শিল্পী এগৰাকীক তেওঁৰ জীৱন কালতে কিয় ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা নহ'ল সেয়া আজিও এক বুজিব নোৱাৰা সাঁথৰ ।

Who gave the bharat ratna tto Dr, Bhupen Hazarika ?
সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ?

গুৱাহাটী, 8 ছেপ্তেম্বৰ:সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'ৰে সন্মানিত কৰিছিল কোনে ? বিশ্ব বিশ্ৰুত এই মহান শিল্পী গৰাকীক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ? আপাততঃ এই প্ৰশ্নৰ উত্তৰ- ভাৰত চৰকাৰে । কিন্তু আজি ডঃ ভূপেন হাজৰিকাৰ 94তম জন্ম জয়ন্তীৰ শুভ দিনটোত ৰাজ্যৰ সচেতন জনতাক বিবুধিত পেলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ এক মন্তব্যই । অতি আশ্চৰ্যকৰভাৱে মঙলবাৰে ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা জালুকবাৰীত সমাধি ক্ষেত্ৰত আয়োজিত সুধাকণ্ঠৰ জন্মতিথি অনুষ্ঠানত মিডিয়া উপদেষ্টাগৰাকীয়ে দাবী কৰে যে ডঃ ভূপেন হাজৰিকাক মৰনোত্তৰভাৱে 2019 চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন' আগবঢ়াইছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৷

ডঃ ভূপেন হাজৰিকাৰ দৰে বিশ্ব বৰেণ্য শিল্পী এগৰাকীক তেওঁৰ জীৱন কালতে কিয় ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা নহ'ল সেয়া আজিও এক বুজিব নোৱাৰা সাঁথৰ । আনকি তেওঁক পদ্ম বিভূষন সন্মানো প্ৰদান কৰা হল দেহাৱসানৰ এবছৰ পিছত, অৰ্থাৎ 2012 চনতহে । উল্লেখনীয় যে ডঃ হাজৰিকাক 'ভাৰত ৰত্ন' সন্মান কৰাৰ বাবে 2011 চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে এক অনুৰোধ পত্ৰ প্ৰেৰন কৰিছিল । কিন্তু সেই অনুৰোধে একো কাম নিদিলে । ইয়াৰ পিছত কংগ্ৰেছ চৰকাৰৰ আমোলতে 2014 চনত বিধানসভাৰ মজিয়াত সুধাকণ্ঠক 'ভাৰত ৰত্ন' সন্মান প্ৰদান কৰাৰ বাবে কেন্দ্ৰক অনুৰোধ জনোৱাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰি সেই প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰন কৰা হৈছিল । কিন্তু তেতিয়াও তেনে অনুৰোধে ফল নধৰিলে ।

সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল কোনে ?

'ভাৰত ৰত্ন' সন্মান প্ৰদানৰ বাবে সকলোৰে ক্ষেত্ৰতে নাম প্ৰস্তাৱ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়েহে । প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰস্তাৱিত নামৰ ব্যক্তিয়ে এই সৰ্বোচ্চ সন্মান পোৱাটো অৱধাৰিত । পণ্ডিত জৱাহৰলাল নেহৰুৱে এই সন্মানৰ বাবে নিজৰেই কাৰ্যালয়ৰ পৰা তেওঁৰ নাম পঠিয়াই আজিও বহুতৰ তিৰস্কাৰ-টিপ্পনিৰ পাত্ৰ হৈ আছে । কিন্তু আজি ডঃ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ শুভ ক্ষনটোতে মুখ্যমন্ত্ৰী সোণোৱালৰ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে সোণোৱাল চৰকাৰেই সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছে বুলি কোৱাৰ লগে লগে সচেতন জনতাই হাঁহিৰ খোৰাক পাইছে । কোনো জনে আকৌ আঙুলিয়াই দিছে যে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ এইগৰাকী উপদেষ্টাই আজি কালি সূৰ্যটো পশ্চিমে উদয় হয় বুলি ক'বলৈকো কুণ্ঠাবোধ নকৰে ।

লগতে পঢ়ক : ওপজাদিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ

ABOUT THE AUTHOR

...view details