অসম

assam

By

Published : Jun 27, 2021, 3:15 PM IST

ETV Bharat / state

মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?

মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, ব্যাপক হাৰত বসতি স্থাপন, সু-পৰিকল্পনাৰ অভাৱ, বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে । বিপদজনক স্থান চিনাক্ত কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে । ইটিভি ভাৰতৰে হোৱা বিশেষ সাক্ষাৎকাৰত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাই ৷

which-are-the-landslide-prone-area-of-guwahati
মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?

গুৱাহাটী,27 জুন : গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা নতুন নহয় যদিও কোনো এখন চৰকাৰেই এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷ যাৰ বাবে প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত পাহাৰত বসবাস কৰা লোকসকল তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে ভুমিস্খলনৰ আশংকাত ভূগিবলগা হয় ৷ তথ্য মতে, গুৱাহাটী মহানগৰীৰ 18 খন পাহাৰত প্ৰতিবছৰে বাৰিষা উদ্বেগজনকভাৱে সংঘটিত হৈ আহিছে ভূমিস্খলনৰ ঘটনা ৷

মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?

গুৱাহাটীৰ পাহাৰসমূহত প্ৰায় 65 হাজাৰৰো অধিক পৰিয়ালে বসবাস কৰে ৷ ইফালে চৰকাৰে সংৰক্ষণৰ কোনো ব্যৱস্থা নকৰাৰ ফলত মহানগৰীৰ পাহাৰসমূহত দিনকদিনে বৃদ্ধি পাইছে বাসিন্দাৰ সংখ্যা ৷ অবৈধ খনন আৰু অবাধ বেদখলৰ ফলত গুৱাহাটীৰ পাহাৰসমূহৰ ব্যাপক অৱক্ষয় হৈছে ৷ এই সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণ জ্যোতি কলিতাৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷

মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?

উল্লেখ্য যে, পাহাৰত বসবাস কৰা গৰিষ্ঠসংখ্যকেই এক বিপদসংকুল পৰিৱেশত বসবাস কৰে ৷ বিগত বর্ষৰ 28 জুনত খাৰঘূলিত পাহাৰ খহি প্ৰিয়ংকা বড়ো নামৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কাহিলীপাৰাত সংঘটিত ভূমিস্খলনত পাহাৰৰ শিল খহি এগৰাকী মহিলাৰ মৃত্যু হৈছিল ৷ শেহতীয়াকৈ বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ পাণ্ডু, মালিগাঁও, খাৰঘূলি আদিকে ধৰি কেইবাটাও পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷

আনহাতে 19 জুনত পাণ্ডুত সংঘটিত এক ভূমিস্খলনৰ ঘটনাত এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে তিনিজনকৈ লোক আহত হৈছিল ৷ গুৱাহাটীৰ আন আন অঞ্চলতো যিকোনো মুহুর্ততে এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ মহানগৰীৰ পাহাৰ অঞ্চলত জধে-মধে কৰা খনন, ব্যাপক হাৰত বসতি স্থাপন, সু-পৰিকল্পনাৰ অভাৱ, বিজ্ঞানসন্মতভাৱে পাহাৰসমূহত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিত গুৱাহাটীৰ পাহাৰে পাহাৰে ভূমিস্খলন হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে ৷

উল্লেখ্য যে, কামৰূপ(ম) জিলা প্ৰশাসনে গুৱাহাটীৰ পাহাৰসমূহৰ 336 টা অঞ্চল ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিনাক্ত কৰিছে ৷ চৰকাৰীভাৱে পাহাৰৰ ভূমিস্খলনৰ সম্ভাৱনা থকা তথা বিপদজনক অঞ্চলসমূহ নিয়মমাফিকভাৱে চিনাক্ত কৰা যদিও কাৰ্যকৰী কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় ৷ কেতিয়াবা ডাঙৰ অঘটন ঘটিলে তাৎক্ষণিকভাৱে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে যদিও পৰৱৰ্তী সময়ত স্থায়ী সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷ যাৰ ফলত গুৱাহাটীৰ পাহাৰক লৈ সৃষ্টি হোৱা সমস্যা ক্ৰমাৎ জটিল হৈ পৰিছে ৷

বৰ্তমান সময়ত এই অঞ্চল সমূহত প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান অসম্ভৱ হৈ পৰিছে ৷ কাৰণ পূৰ্বেও বহুবাৰ এই অঞ্চল সমূহত উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তাৰ প্ৰতিবাদত ৰাজপথ ৰক্তাক্ত হৈছিল ৷ উপায়হীন হৈ প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলসমূহত বসবাস কৰা লোকসকলে ভয়-শংকাৰে জীৱন যাপন কৰি আহিছে ৷ গুৱাহাটীৰ শৰণীয়া পাহাৰ, মালিগাঁও, নৰকাসুৰ, ফটাশিল আমবাৰী, খাৰঘূলি, চূণচালি, নুনমাটি, নাৰেংগী, যোৰাবাটকে ধৰি 18 খন পাহাৰত 366 টা ভূমিস্খলন প্ৰৱণ অঞ্চল প্ৰশাসনে চিনাক্ত কৰাৰ পিছতো ভূমিস্খলন ৰোধৰ বাবে সুদুৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই ৷

বাৰিষা বৰষুণ হোৱাৰ ফলত এই অঞ্চলসমূহত সৰু-বৰ ভূমিস্খলনৰ ঘটনা প্ৰায়ে সংঘটিত হয় ৷ প্ৰতিবছৰে ভূমিস্খলনত গুৱাহাটী মহানগৰীত জীৱন আৰু সম্পত্তিৰ হানি হৈ আহিছে ৷ বিগত 6 বছৰত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ঘটনাত 14 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে ৷ তদুপৰি বহু লোক আহত হোৱাৰ লগতে সা-সম্পত্তিৰ হানি হৈছে ৷

লগতে পঢ়কঃভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ABOUT THE AUTHOR

...view details