গুৱাহাটী,১৭ ছেপ্টেম্বৰ :বি টি আৰৰ পৰা কর্তন হ'ব লগা অবড়ো বসতিপূর্ণ গাঁওসমূহৰ বিষয়টো এতিয়াও সীমা নিৰ্ধাৰণ আয়োগৰ (BTR Delimitation commission) আওতাতে আছে । বি টি আৰ চুক্তিৰ পাছত বি টি আৰৰ সীমা নিৰ্ধাৰণৰ বাবে ২০২০ চনৰ ছেপ্টেম্বৰত পি পি বাৰ্মাৰ অধ্যক্ষতাত আয়োগ গঠন কৰা হৈছিল । কিন্তু আয়োগৰ অধ্যক্ষ বাৰ্মাৰ মৃত্যুৰ পাছত সেই দায়িত্ব আশিস ভূটানীক দিয়া হয় । বর্তমান আশিস ভূটানী অধ্যক্ষাধীন আয়োগৰ ওপৰত বি টি আৰৰ সীমা নিৰ্ধাৰণ হোৱাটো নিৰ্ভৰ কৰিছে ।
বি টি আৰৰ পৰা কোনকেইখন গাঁও কৰ্তন হ'ব বা কোনকেইখন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ব সেয়া আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব । বিধানসভাত এই তথ্য দাঙি ধৰে বড়োলেণ্ড বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই (Urkhao Brahma on BTR Delimitation commission)। তেওঁ দিয়া তথ্য মতে বি টি আৰৰ সীমান্তৱৰ্তী অঞ্চলত থকা অবড়ো গাঁওসমূহ বি টি আৰৰ পৰা ওলাই যোৱাত অসুবিধা নাই । সেই কথা আয়োগৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিব ।
তেওঁ বিধানসভাত সদৰী কৰিছে যে আয়োগে এই বিষয়টো কিমান দূৰ আগবঢ়াই নিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি চলিত মাহৰ ভিতৰতেই আয়োগে সীমা নিৰ্ধাৰণৰ কাম সম্পন্ন কৰিব লাগে ।
উল্লেখ্য যে বি টি আৰৰ বহুকেইখন অবড়ো বসতিপূর্ণ গাঁও অন্তর্ভুক্ত হৈ থকাৰ বিষয়টো বিধানসভাত কেইবাগৰাকী বিধায়কে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাইছিল । বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰে বিষয়টো সন্দৰ্ভত কয় যে বি টি আৰৰ সীমা নিৰ্ধাৰণ নোহোৱাত বহু খেলি-মেলি হৈছে । বড়ো জনসংখ্যা নথকা বহু গাঁও বি টি আৰত অন্তর্ভুক্ত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সীমা নিৰ্ধাৰণৰ বাবে চৰকাৰে আয়োগ গঠন কৰিছিল যদিও সেই আয়োগে প্রতিবেদন দাখিল নকৰাত বৰ্তমান গাঁৱে গাঁৱে অশান্তিৰ সৃষ্টি হৈছে (Clashes in BTR)।
বহু অঞ্চলত অবড়ো লোক অশান্তিত থকাৰ কথা তেওঁ সদৰী কৰে (Non Bodo people faces problem in BTR)। এতিয়াও বহু অবড়ো গাঁও বি টি আৰত সোমাই আছে আৰু বহু বড়ো জনবসতিপূর্ণ গাঁও বি টি আৰৰ বাহিৰত আছে । যাৰ ফলত সময়ে সময়ে বিষয়টোক লৈ বিশৃংখলতাৰ সৃষ্টি হৈ আহিছে ।