অসম

assam

ETV Bharat / state

শ্বেতা হত্যাকাণ্ড : ন্যায়ৰ অপেক্ষাত ভোক্তভোগীৰ পৰিয়াল ! - what will be the high court decision

সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছিল 2015 বৰ্ষৰ উচ্চতৰ মাধ্যমৰ বাণিজ্য শাষাত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাণ্ডই ৷ 90 শতাংশ অগ্নিদগ্ধ অৱস্থাত প্ৰেমিক গোবিন্দ সিংঘালৰ বাসগৃহত বাথৰূমত উদ্ধাৰ হৈছিল স্বেতাৰ মৃতদেহ ৷ হাত্যাকাৰী গোবিন্দৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালেও সহযোগ কৰিছিল হত্যাকাণ্ডত ৷ আদালতে মৃত্যুদণ্ড বিহিলে গোবিন্দক ৷ তাৰ পাচতেই অভিযুক্ত দ্বাৰস্থ হ'ল উচ্চ ন্যায়ালয়ৰ ৷ কি হ'ব উচ্চ ন্যায়ালয়ৰ ৰায় !

sweta murder in guwahati
শ্বেতা হত্যাকাণ্ড

By

Published : Feb 3, 2020, 5:45 PM IST

Updated : Feb 4, 2020, 11:59 AM IST

গুৱাহাটী, ফেব্ৰুৱাৰী 3 : 2017 বৰ্ষৰ 4 ডিচেম্বৰত সংঘটিত হৈছিল স্বেতা আগৰৱালা হত্যাকাণ্ড ৷ 2015 বৰ্ষৰ উচ্চতৰ মাধ্যমৰ বাণিজ্য শাষাত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাণ্ডই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ প্ৰেমিক গোবিন্দ সিংঘালৰ বাসগৃহৰ বাথৰূমত 90 শতাংশ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল স্বেতাৰ মৃতদেহ ৷ স্বেতাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চালই সন্ধিয়া 6.30 বজাত উদ্ধাৰ কৰিছিল স্বেতাৰ মৃতদেহ ৷ গোবিন্দ সিংঘালৰ বাসগৃহত 90% অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল মেধাৱী ছাত্ৰী গৰাকীৰ মৃতদেহ ৷ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সেই সময়ত ঘৰত উপস্থিত থকা গোবিন্দ সিংঘাল মাতৃ কমলা সিংঘাল আৰু জ্যেষ্ঠ ভগ্নী ভৱানী সিংঘালক ৷

আৰক্ষীয়ে সেইদিনা ওৰেটো নিশা জেৰা কৰিলে গোবিন্দ সিংঘালক ৷ জেৰাৰ অন্তত গোবিন্দ সিংঘালে স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কথা ৷ তাৰপাচত আৰক্ষীয়ে একেলগে মুখামুখিকৈ জেৰা কৰিলে মাতৃ ভগ্নী কমলা সিংহাল আৰু ভৱানী সিংঘালক ৷ আৰক্ষীৰ জেৰাত স্পষ্ট হৈ পৰিল স্বেতা আগৰৱাল হত্যাকাণ্ডত গোবিন্দ সিংঘালক মাতৃ আৰু ভগ্নীয়ে সহায় কৰাৰ কথা ৷ তদন্তকাৰী আৰক্ষীয়ে আদালতত জমা দিয়া কেছ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছিল ঘাতক গোবিন্দ সিংঘালৰ নৃশংসতা ৷ হাত্যাকাৰী গোবিন্দৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালেও সহযোগ কৰিছিল হত্যাকাণ্ডত ৷

শ্বেতা হত্যাকাণ্ড

কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে 19 মাহজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই গোচৰৰ বাবে দোষী সাব্যস্ত কৰিলে গোবিন্দ সিংহাল, কমলা দেৱী আৰু ভৱানী সিংহালক ৷ তিনিওকে প্ৰেৰণ কৰা হ'ল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ দোষী সাব্যস্ত হোৱাৰ চাৰি দিনৰ পাছত 3 আগষ্ট 2019ত শান্তি ঘোষণা কৰিলে আদালতে ৷ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে স্বেতা আগৰৱাল হত্যাকাণ্ডৰ মূল দোষী গোবিন্দ সিংহালক মৃত্যুদণ্ড আৰু মাতৃ কমলা সিংঘাল আৰু জেষ্ঠ ভগ্নী ভাৱনী সিংহালক যাৱজ্জীৱন কাৰাদণ্ডৰ
শাস্তি প্ৰদান কৰে৷

মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাৰীক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ পাছত স্বস্তিৰ নিশ্বাস এৰিলে স্বেতাৰ আত্মীয়ই ৷ পিছে এইবাৰ দোষী গোবিন্দ সিংহালৰ পৰিয়াল কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ ইতিমধ্যে উচ্চ ন্যায়ালয়ে জামিনত মুক্তি দিছে গোবিন্দ সিংহালৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংহালক ৷ একেদৰে মূল হত্যাকাৰী গোবিন্দ সিংহালৰ ফাঁচীৰ ক্ষেত্ৰত এই পৰ্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই কোনো ৰায় ৷ এতিয়াও উচ্চ ন্যায়ালয়ৰ ৰায়দানলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে শ্বেতা আগৰৱালৰ পৰিয়ালে ৷ এই বৰ্বৰ হত্যাকাণ্ডৰ উচিত ন্যায়ৰ বাবে আগ্ৰহেৰে বাট চাইছে ৰাজ্যাবাসীয়েও ৷

লগতে পঢ়ক : বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড

Last Updated : Feb 4, 2020, 11:59 AM IST

ABOUT THE AUTHOR

...view details