অসম

assam

ETV Bharat / state

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি কি আক্ষেপ আছিল মিলখা সিঙৰ ? - Milkha Singh passed away

‘‘আপুনি সঁচাকৈয়ে বৰ সৌভাগ্যৱান ৷ মোক মানুহে উৰন্ত শিখ(flying sikh) বুলি কয় ৷ কিন্তু মোৰ জন্মদিনটো হয়তো চুবুৰীয়াৰো মনত নাই ৷ আনহাতে, আপোনাৰ জন্মদিনটো সমগ্ৰ ৰাজ্যই উদযাপন কৰে’’ প্ৰখ্যাত দৌৰবিদ মিলখা সিং(Milkha Singh) এ এইদৰে আক্ষেপ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আগত ৷

What was Milkha Singh's regret for Arjun Bhogeshwar Baruah?
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি কি আক্ষেপ আছিল মিলখা সিঙৰ ?

By

Published : Jun 19, 2021, 9:46 PM IST

নিউজ ডেস্ক, 19 জুন : ‘‘আপুনি সঁচাকৈয়ে বৰ সৌভাগ্যৱান ৷ মোক মানুহে উৰন্ত শিখ(flying sikh) বুলি কয় ৷ কিন্তু মোৰ জন্মদিনটো হয়তো চুবুৰীয়াৰো মনত নাই ৷ আনহাতে, আপোনাৰ জন্মদিনটো সমগ্ৰ ৰাজ্যই উদযাপন কৰে’’ প্ৰখ্যাত দৌৰবিদ মিলখা সিং(Milkha Singh) এ এইদৰে আক্ষেপ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আগত ৷ ভাৰতৰ কিংবদন্তি খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল মিলখা সিং(Milkha Singh) ৷ যি উৰন্ত শিখ(flying sikh) হিচাপে পৰিচিত ৷

1958 চনত ভাৰতৰ হৈ এছিয়ান গেমচ আৰু কমনৱেল্থ গেমছত 400 মিটাৰৰ দৌৰত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ আছিল মিলখা সিং ৷ ১৯৬০ চনৰ ৰোম অলিম্পিকৰ সময়ত, 'দ্য ফ্লাইং বাৰ্ড অৱ এছিয়া’ (the flying bird of asia) ৰূপে জনাজাত হৈ পৰা মিলখা সিঙে ১০০ মিটাৰ দৌৰত দুবাৰ এছিয়াডৰ স্বৰ্ণ পদক বিজয়ী আব্দুল খালিকক পৰাস্ত কৰে ৷ তাৰ পাছতেই মিলখাই তদানীন্তন পাকিস্তানৰ সেনাধ্যক্ষ আয়ুব খানৰ পৰা 'ফ্লাইং শিখ’ (flying sikh) উপাধি লাভ কৰিছিল ।

লগতে পঢ়ক: পঞ্চভূতত বিলীন হ’ল 'flying sikh'

তাৰোপৰি 1962 চনতো এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল মিলখা সিঙে ৷ কিন্তু এইগৰাকী মিলখা সিঙে গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱসৰ অনুষ্ঠানত ভাগ লৈ আক্ষেপ কৰিছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আগত ৷ তেওঁ কৈছিল যে, পঞ্জাৱত হয়তো তেওঁক বহু মানুহেই নাজানে ৷

উল্লেখ্য যে, 1984 চনৰ পৰা প্ৰতিবছৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন 3 ছেপ্তেম্বৰৰ দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে অসমবাসীয়ে ৷ সেই দিনটোত দৌৰৰ আয়োজন কৰাৰ লগতে ৰাজ্যৰ বিশিষ্ট খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় ৷ 1966 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমচত 800 মিটাৰ শাখাত সোণৰ পদক লাভ কৰি অভিলেখ গঢ়িছিল অৰ্জুন ভোগেশ্বৰ বৰুৱাই ৷

লগতে পঢ়ক: জীৱনৰ দৌৰ স্তব্ধ Flying Sikh মিলখা সিঙৰ

ABOUT THE AUTHOR

...view details