অসম

assam

ETV Bharat / state

ULFA I Peace Talk: আলফা(স্বা)ৰে শান্তি আলোচনাত ৰাইজে লওক আগভাগ

কি হ’ব আলফা স্বাধীনৰ সৈতে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া, ইয়াকে লৈ ৰাজ্যজুৰি অব্যাহত আছে চৰ্চা ৷ এনে সময়ত আলফাৰ সমস্যা সমাধাৰ বাবে অসমৰ ৰাইজৰ লগতে চৰকাৰেও এক উচিত পদক্ষেপ লোৱাৰ সময় আহি পৰিছে ৷ লগতে আহি পৰিছে আলফাৰ দাবীসমূহ বিশ্লেষণ কৰি চোৱাৰ সময় ৷

Etv Bharat
Etv Bharat

By

Published : Jan 29, 2023, 9:31 PM IST

নিউজ ডেস্ক, 29 জানুৱাৰী: পুনৰ ৰাজ্যত আলোচনাৰ এক বাতাবৰণ সৃষ্টি হৈছে । বহুদিন ধৰি নিতাল মাৰি থকা আলোচনা প্ৰক্ৰিয়াই আকৌ এবাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে(ULFA Government peace talk) ৷ হয়তো শীঘ্ৰেই স্বদেশাভিমূখী হ'ব আলফা স্বাধীন । কাৰণ ইতিমধ্যেই দীৰ্ঘদিন ধৰি অব্যাহত থকা অসম-ভাৰত সংঘাত আলোচনা আৰু বুজাবুজিৰ মাজেৰে সমাধান কৰিবলৈ মুকলি প্ৰস্তাৱ আগবঢ়াইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই(Paresh Baruah demands referendum) ।

অতি সম্প্ৰতি ৰাজ্যৰ কেইবাটাও সংবাদমাধ্যমত আলোচনাৰ মেজলৈ আহিবলৈ ইচ্ছুকতা প্ৰকাশ কৰিছে পৰেশ বৰুৱাই(Paresh Baruah) ।‌ কিন্তু সেই আলোচনা হ'ব লাগিব বিগত ৪৩ বছৰে তেতিয়াৰ আলফা আৰু বৰ্তমানৰ আলফা স্বাধীনে কৰি অহা মূল দাবী সাৰ্বভৌমত্বৰ ওপৰত । কেৱল সিমানেই নহয়, অসমল থলগিৰি জনতাক সাৰ্বভৌমত্ব লাগে নে নালাগে তাক নিৰ্ণয় কৰিবলৈ গণভোট আয়োজনৰো পোষকতা কৰিছে আলফা স্বাধীনে(ULFA I core demand sovereignty)। কিন্তু এই ভোটদান অনুষ্ঠিত হ'ব লাগিব কেৱল থলগিৰি অসমীয়াৰ মাজতহে ।

এনে এক প্ৰেক্ষাপটত ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে । সমান্তৰালভাৱে দায়িত্ব আছে থলগিৰি ৰাইজৰো । উল্লেখ কৰা প্ৰয়োজন যে, বৰ্তমানৰ প্ৰেক্ষাপটত আলফা স্বাধীন বা আলফাৰ সাৰ্বভৌমত্বৰ দাবীৰ কোনো প্ৰাসংগিকতা নাই বুলি বহুতে ক'ব খোজে । আটাইতকৈ গুৰুত্বপূৰ্ণ যে, সাৰ্বভৌমত্বক লৈ কোনো আলোচনা নহ'ব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰ যু্ক্তিত কোৱা হৈছে যে, ভাৰতৰ সংবিধানৰ নামত শপত লোৱাৰ বাবেই সাৰ্বভৌমত্বৰ ওপৰত আলোচনা সম্ভৱ নহয় । এই কথা সৰ্বজনবিদিত যে, কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, প্ৰতিগৰাকী ৰাইজৰ দ্বাৰা নিৰ্বাচিত নেতাই ভাৰতৰ সংবিধান আৰু অখণ্ডতাৰ দোহাই দি আলফাৰ সাৰ্বভৌমত্ব বা জাতীয় আত্ম নিয়ন্ত্ৰণৰ দাবীটোক পৃথকে ৰাখি আলোচনা কৰাৰ পৰা বিৰত আছে । এনেদৰেই পাৰ হৈ গ'ল 42 টা বছৰ । কিন্তু আজিলৈকে নোলাল কোনো সমাধান ৷ আজিলৈকে কোনো এখন চৰকাৰে নুসুধিলে যে, প্ৰকৃততে অসমৰ ৰাইজে স্বাধীনতা বিচাৰেনে ? ফলত সাৰ্বভৌম অসমৰ দাবী জাৰি-জোকাৰি আলমাৰিত ভৰাই থৈ প্ৰয়োজন হ'লে পুনৰ উলিয়াই অনাৰ‌ দৰে হৈছে(ULFA issue in Assam) ।

যিহেতু পৰেশ বৰুৱাই(ULFA chief Paresh Baruah) গণভোটৰ কথা হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) পৰেশ বৰুৱাক এক আলোচনাৰ মাজলৈ আনিবলৈ ৰাইজক নৈতিক হেঁচা প্ৰয়োগৰ কথা কৈছে, তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে অসমৰ আলফাৰ সমস্যা সমাধান কৰিব বিচাৰে নে সেয়া জানিবলৈ বৰ্তমান চৰকাৰে চেষ্টা কৰাৰো প্ৰয়োজন আহি পৰিছে ৷

এই কথা স্পষ্ট হ'ব লাগিব যে, আলফাৰ সমস্যা সমাধানৰ কৰাৰ সদিচ্ছা প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰৰ আছে নে নাই ? যদিহে নাই তেন্তে আৰু অধিক দশক দশক ধৰি আলফা সমস্যাই হৈয়ে থাকিব ৷ লগতে শ শ‌ অসমীয়া যুৱক-যুৱতী আলফালৈ গৈয়ে থাকিব । গতিকে ইয়াৰ বাবে প্ৰয়োজন হ'ব কেন্দ্ৰৰ সদিচ্ছাৰ ।

বৰ্তমানৰ প্ৰেক্ষাপটত অসমৰ ৰাইজে নিজৰ মাজতে এক সৱল জনমত গঠন কৰি ৰাজ্য চৰকাৰক হেঁচা দিয়াৰ প্ৰয়োজন আহি পৰিছে । ইয়াৰ বাবে নিৰপেক্ষ ভূমিকাত অৱতীৰ্ণ হ'ব লাগিব সাংবাদিক, বুদ্ধিজীৱী, দল-সংগঠন তথা বিদ্বান ব্যক্তিসকল । কাৰণ বহু অসমীয়াই সুবিধাবাদৰ চৰিত্ৰত অৱতীৰ্ণ হোৱাৰ বাবেই যে সমস্যাসমূহ অধিক গভীৰ হৈ পৰিল সেয়া ইতিহাস অধ্যয়ন কৰিলেই অনুধাৱন কৰিব পাৰি ।

আলফা যিহেতু এটা নিষিদ্ধ সংগঠন সেয়ে আলফাৰ বিষয়টো আলোচনা কৰাটোও একপ্ৰকাৰ নিষিদ্ধ হৈ পৰিল । জে'ললৈ যোৱাৰ ভয়ত, শাসনযন্ত্ৰৰ অত্যাচাৰৰ শংকাত বহুতে বহু কথা ক'ব খুজিও ৰৈ গ'ল । ফলত আলফা, অসমৰ থলগিৰি ৰাইজ আৰু চৰকাৰৰ মাজত দূৰত্ব বৃদ্ধি পালে । কিন্তু এতিয়া সময় সেই দূৰত্ব হ্ৰাস কৰাৰ ।

এই কথা মন কৰিবলগীয়া যে, 1950 চনৰ 26 জানুৱাৰীতহে ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হৈছিল । অৰ্থাৎ দেশে এইবাৰ পালন কৰিলে 74 সংখ্যক গণৰাজ্য দিৱস । কিন্তু ইয়াৰ পূৰ্বে কেৱল আহোমেই অসমক 600 বছৰ ৰাজত্ব কৰিছিল আৰু তেতিয়া ভাৰত নামৰ বৰ্তমানৰ যুক্তৰাষ্ট্ৰৰ সৈতে অসমৰ দূৰ দূৰলৈকে কোনো সম্পৰ্ক নাছিল ।

লগতে ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে, ভাৰতৰ সংবিধানত অখণ্ডতা শব্দটো 42 সংখ্যক সংশোধনীত 1976 চনতহে অন্তৰ্ভুক্ত কৰা হৈছিল । 1950 চনত প্ৰথম সংবিধান ৰূপায়ন হোৱাৰে পৰা 2021 চনৰ অক্টোবৰ মাহলৈকে 105 বাৰ সংবিধান সংশোধন কৰা হৈছে ।

এই কথা উল্লেখ কৰাৰ কাৰণ এয়ে যে, সংবিধান কোনো শিলৰ ৰেখা নহয় যে ইয়াক সংশোধন কৰিব নোৱাৰি । তিক্ত হ'লেও এই কথা সঁচা যে, শাসকপক্ষই নিজৰ সুবিধা অনুসৰি সংবিধানক ব্যৱহাৰ কৰি আহিছে আৰু সংশোধন কৰি আহিছে । ইয়াৰ মানে হ'ল, ৰাইজৰ দ্বাৰা নিৰ্বাচিত নেতাই সংবিধানৰ নামত লোৱা শপত সংবিধান সংশোধন হোৱাৰ লগে লগে সলনি হৈ আহিছে । ভাৰতীয় নেতাই সংবিধানৰ নামত লোৱা শপত আৰু অখণ্ডাক লৈ আগবঢ়োৱা ব্যাখ্যাৰে মূল সমস্যাৰ পৰা যে আঁতৰি থাকে সেই কথা উল্লেখ কৰিবলৈহে এই কথা উপস্থান কৰা হৈছে ৷

অৱশ্যে এই সম্বন্ধে বহু বিদ্বান ব্যক্তিয়ে ইতিমধ্যেই আলোচনা কৰি গৈছে ।

এই কথা অসমৰ ৰাইজে তথা চৰকাৰে হয়তো আকৌ এবাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন যে, প্ৰকৃততে কিয় সৃষ্টি হ’ল আলফা ৷ আলফাৰ দাবী সমূহ কি কি ? সাৰ্বভৌমত্ব অবিহনে আলফাৰ দাবী সমূহ পূৰণ কৰিব পাৰি নে নোৱাৰি ? যদিহে সাৰ্বভৌমত্ব অবিহনে অসমক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰা হয় তেন্তে আলফাৰ সমস্যা সমাধান হ’ব নে নহয় ? যদিহে গণভোট অনুষ্ঠিত হয় তেন্তে কোন হ’ব থলগিৰি অসমীয়া ?

লগতে পঢ়ক:Peace talk with ULFA I: থলগিৰিয়ে নিৰ্ধাৰণ কৰিব সাৰ্বভৌমত্বৰ প্ৰাসংগিকতা

ABOUT THE AUTHOR

...view details