অসম

assam

ETV Bharat / state

Hagrama Mohilary and Badruddin Ajmal : হাগ্ৰামা-আজমলৰ নিৰ্লজ্জ আচৰণে দিছে কিহৰ ইংগিত ?

প্ৰকৃততে কি চলি আছে অসমৰ ৰাজনীতিত ? বিশেষকৈ এটা বিশেষ বিষয়ত বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰীৰ মিল দেখে ৰাইজে ৷ সবিশেষ এই বাতৰিত...

Hagrama Mohilary and Badruddin Ajmal
প্ৰকৃততে কি চলি আছে অসমৰ ৰাজনীতি ?

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:39 PM IST

Updated : Oct 27, 2023, 3:08 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰ : ৰাজনীতিত কিছুমান দৃশ্য বা ঘটনাক্ৰম তেনেই সুলভ যদিও কিছুমান এনেকুৱা ঘটনাও মাজে-সময়ে ঘটে, যিবিলাক দেখি শুনি সাধাৰণ জনতায়ো লাজ পায় বা চকু ঠিয় হয় ৷ তাতে আকৌ যদিহে সমুখত নিৰ্বাচন আদি থাকে, তেন্তে একাংশ ৰাজনৈতিক দল আৰু ৰাজনীতিবিদৰ এনে নিৰ্লজ্জ আচৰণৰ তীব্ৰতা বাঢ়ে ৷ তেনে এটা ঘটনাই ঘটি আছে অসমৰ ৰাজনীতিত ৷

ক্ষমতা কেন্দ্ৰিক ৰাজনীতিত অৱশ্যে এনে নিৰ্লজ্জ ঘটনা তেনেই স্বাভাৱিক ! আপুনি যদি ভালদৰে বিগত এটা বছৰৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈ মন কৰে তেন্তে এটা বিশেষ বিষয়ত দুজন বিশেষ ৰাজনৈতিক নেতাৰ মিল দেখিব ৷ এই দুজন নেতা হৈছে বদৰুদ্দিন আজমল আৰু হাগ্ৰামা মহিলাৰী ৷ সুবিধাবাদীৰ শীৰ্ষত আৰোহন কৰা এই দুই নেতাই নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণৰ বাবে দুটা বিশেষ ৰাজনৈতিক দলৰ বুকুৰ কুটুম হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

যি কংগ্ৰেছে বৰ্তমান বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক একপ্ৰকাৰ অস্পৃশ্য জ্ঞান কৰি দুৰতে বিদুৰ কৰি ৰাখিছে ৷ আনকি কংগ্ৰেছৰ উদ্যোগত গঠন হোৱা I.N.D.I.A তো আজমলৰ দলক অন্তৰ্ভুক্ত হ'বলৈ নিদিলে ৷ অন্তৰ্ভুক্ততো বাদেই, বৈঠকলৈকেই নামাতিলে সেই I.N.D.I.A ত কংগ্ৰেছে নামাতিলেও চামিল হ'ব বুলি যতে ততে ক'বলৈ আৰম্ভ কৰিছে আজমলে ৷ কিমান নিৰ্লজ্জ আৰু স্বাৰ্থপৰ হ'লে এই কাম কৰিব পাৰে একোটা ৰাজনৈতিক দলে বা নেতাই ৷ ঠিক একেই অৱস্থা হাগ্ৰামা মহিলাৰীৰো ৷

"পাৱাৰত যিয়েই থাকিব আমি তেওঁলোকৰ লগতেই থাকিম" বুলি সততে নিলাজৰ দৰে দম্ভালি মাৰি থকা মহিলাৰীক বিজেপিয়ে বাৰম্বাৰ অৱজ্ঞা কৰি থকাৰ পিচতো কিন্তু তেওঁ নাচোৰবান্দা ৷ বিজেপিয়ে ঠিয়গোৰ মাৰি উলিয়াই দিয়াৰ পিচতো কিন্তু স্বাৰ্থৰ পিছে পিছে দৌৰি ফুৰা হাগ্ৰামা মহিলাৰীৰ লাজ লগা নাই ৷ যিদৰে নিলাজৰ দৰে আচৰণ কৰি বদৰুদ্দিন আজমলে ঠেনঠেনাইছে I.N.D.I.A ৰ লগ লাগিবলৈ একেদৰে হাগ্ৰামা মহিলাৰীয়েও পেঁচ ধৰিছে বিজেপিৰ লগ লাগিবলৈ ৷

অথচ এই বিজেপিয়েই ডিঙিত ধৰি গতিয়াই উলিয়াই দিছিল হাগ্ৰামা মহিলাৰীৰ বি পি এফক ৷ এই দুই নেতাৰ কৰ্মকাণ্ডই প্ৰমাণ কৰি দিছে আজিৰ ৰাজনীতিত আচলতে নীতি-আদৰ্শ বোলা কোনো কথা নাই, মুখলজ্জা বুলিও একো নাই নাইবা সেৱাৰ মনোভাৱ বুলিও কোনো বস্তু নাই ৷ আছে যদি দুটা বস্তুৱেই আছে- স্বাৰ্থ আৰু ক্ষমতা ৷

লগতে পঢ়ক :Opposition Meets in Guwahati : দেশ ৰক্ষাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হৈছে যেতিয়া ত্যাগ থাকিবই: ভূপেন বৰা

Last Updated : Oct 27, 2023, 3:08 PM IST

ABOUT THE AUTHOR

...view details