অসম

assam

ETV Bharat / state

Budget2021-22 : কি বিচাৰে অসমৰ জনসাধাৰণে? - ৰাজ্যিক বাজেট

বাজেট প্ৰস্তুতকৰণৰ পূৰ্বে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি আবেদন ৰাখিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) ৷ মুঠ 12,000 হাজাৰ নাগৰিক তথা দল-সংগঠনে বিত্ত বিভাগত দাখিল কৰা আৰ্জিসমূহে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বাজেট প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ৷

recall of ajanta neog for budget
বাজেটক লৈ বিপাঙত বিত্তমন্ত্ৰী

By

Published : Jul 16, 2021, 12:42 PM IST

গুৱাহাটী, 16 জুলাই :পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session)ত শুকুৰবাৰে প্ৰথমখন বাজেট (Budget) দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) ৷ কিন্তু বাজেট দাখিলক লৈ অস্বস্তিত পৰিছে বিত্তমন্ত্ৰী ৷ বাজেট প্ৰস্তুতকৰণৰ পূৰ্বে বিভাগীয় মন্ত্ৰী নেওগে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি আবেদন ৰাখিছিল ৷ বিত্ত বিভাগ (Finance Minister)ৰ এক সূত্ৰই ইটিভি ভাৰত (ETV Bharat)ক জনোৱা মতে, বিত্ত বিভাগে লাভ কৰা 12,000 অনুৰোধ আৰু পৰামৰ্শৰ 9,000 টা‌ হোৱাটছ্ এপ আৰু বাকী 3,000 হাজাৰ মেইল আৰু পোনপটীয়া আবেদন ৷

ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি, ইতিমধ্যে ৰাজ্যৰ 12,000 হাজাৰ নাগৰিক তথা দল-সংগঠনে যি আৰ্জি বিত্ত বিভাগত দাখিল কৰিছে, সেইসমূহেও বাজেট প্ৰস্তুতকৰণৰ দিশত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । বিত্ত বিভাগে লাভ কৰা নাগৰিক সমাজৰ আৰ্জিসমূহৰ ভিতৰত প্ৰধানকেইটা হ’ল-

  • চৰকাৰে ঠিকাভিত্তিত নিযুক্তি দিয়া গৃহৰক্ষী জোৱানসকলৰ চাকৰিৰ নিয়মীয়া কৰা ।
  • চেণ্ট্ৰেল টেট (TET) পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ বিদ্যালয়ত অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়া ৷
  • অসমৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ ঠিকাভিত্তিত নিযুক্তি লাভ কৰা‌ শিক্ষকসকলকো ৰাজ্য চৰকাৰৰ নিয়মীয়া শিক্ষকৰ দৰমহাৰ স্কেল আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা ।‌
  • উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈ স্কুটীৰ পৰা বঞ্চিত ছাত্ৰীক স্কুটী প্ৰদান কৰা ৷
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা টোলগেট (Toll উate)সমূহ উঠাই দিয়া বা মাচুল হ্ৰাস কৰা ।‌
  • পদপথৰ সাধাৰণ বাবসায়ীসকলক ক’ভিড (Covid)জনিত পৰিস্থিতিৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।‌
  • হোজাই আৰু বজালী জিলাক পূৰ্ণাংগ জিলাৰ সা-সুবিধাৰে প্ৰস্তুত কৰি তোলা ।‌
  • ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত থকা জলাশয় আৰু বিলসমূহ নিবনুৱাৰ বিপৰীতে আৱন্টন দি মীন উৎপাদন (Fishery) বৃদ্ধি কৰা ।
  • আমেৰিকা আৰু ইংলেণ্ডত থকা নামঘৰসমূহক আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।
  • গুৱাহাটীত শিশুৰ কাৰণে এখন বৃহৎ শিশু উদ্যান নিৰ্মাণ কৰা ।
  • মদ আৰু গুটখাৰ বিপৰীতে বিক্ৰী কৰ বৃদ্ধি কৰা ।
  • বাংলাদেশ আৰু আন চুবুৰীয়া দেশ কেইখনৰ সৈতে মুক্ত বাণিজ্যৰ পৰিৱেশ বৃদ্ধি কৰা ।
  • কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজাসকলৰ বাবে আৰ্থিক সাহাৰ্যৰ ব্যাৱস্থা কৰা ।‌
  • পাঞ্জাৱ আৰু হাৰিয়ানাৰ দৰে অসম চৰকাৰেও নিহত সেনাবাহিনীৰ জোৱানৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহাৰ্য দিয়াৰ বাবস্থা কৰা ।
  • চাহ পৰ্যটন আৰু গাঁও পৰ্যটনৰ বাবে বিশেষ পেকেজ (Special Package)ৰ ব্যৱস্থা কৰা ।
  • কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীকো মাহটোৰ শেষৰ দিনটোত দৰমহা দিয়াৰ সিদ্ধান্ত লোৱা ।

লগতে পঢ়ক :বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব বাজেট

ABOUT THE AUTHOR

...view details