গুৱাহাটী, 16 অক্টোবৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত একাংশ শিপিনী বৰ্তমান ব্যস্ত বোৱা-কটাত ৷ গামোচাকে ধৰি বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰ প্ৰস্তুত কৰি উলিয়াইছে এইসকল শিপিনীয়ে ৷ উল্লেখ কৰা প্ৰয়োজন যে, ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত এক সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও ।
প্ৰচাৰকে ধৰি ৰাজনৈতিক-অৰাজনৈতিক আদি দিশৰ পৰা উপেক্ষিত হৈ থকা গাঁওকেইখনৰ বাসিন্দাসকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও উক্ত স্থানত তেওঁলোকৰ জাতিগত পৰিচয় মৰঙালী । বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হ’ল ক্ৰমে - বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও ।
এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দাসকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখন গাঁৱৰ মহিলা-যুৱতীসকল স্বভাৱগতভাৱে একো একোজন নিপুণ শিপিনী । তেওঁলোকে নিজৰ লগতে পৰিয়ালৰ প্ৰয়োজনীয় বা লাগতিয়াল কাপোৰ আদি নিজে তাঁতশালত বয় । কিছুসংখ্যকে সেই কাপোৰ বজাৰত বিক্ৰী কৰি আৰ্থিকভাবে কিছু সকাহ লাভ কৰিও আহিছে । কিন্তু তেওঁলোকৰ দক্ষতাৰ সদব্যৱহাৰ কৰি অঞ্চলটোৰ মহিলা শিপিনীসকলক তাঁতশালত নতুন প্ৰযুক্তিৰ উপযুক্ত প্ৰয়োগৰে কিদৰে আৰ্থিকভাৱে স্বাবলম্বী কৰিব পৰা যায় সেই বিষয়ে বহুদিনৰ পৰা চিন্তা - চৰ্চা কৰি অহা হৈছিল ।