অসম

assam

By

Published : Dec 19, 2020, 7:58 PM IST

Updated : Dec 19, 2020, 9:03 PM IST

ETV Bharat / state

সুদীৰ্ঘ তিনি বছৰৰ পিছত পিতৃ-মাতৃৰে সাক্ষাৎ হ’ল মিথুনৰ

2017 চনতে হঠাৎ বিশেষভাৱে সক্ষম মিথুন দেৱনাথ আহি উপস্থিত হৈছিল ধুবুৰীত ৷ ইয়াৰ পৰা মিথুনক গুৱাহাটীৰ ভগদত্তপুৰৰ ডেচটিনেশ্বন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ তত্বাৱধানত ৰখা হয় ৷ তেতিয়াৰে পৰা মহানগৰীৰ ভগদত্তপুৰৰ সেই শিশু গৃহই ঠিকনা হৈছিল মিঠুন দেৱনাথৰ ৷

As-ghy-WB_missing_boy_reunited_with_family_vis_as10003
সুদীৰ্ঘ তিনি বছৰৰ পিছত পিতৃ-মাতৃৰে সাক্ষাৎ হ’ল মিথুনৰ

গুৱাহাটী,19 ডিচেম্বৰ :সুদীৰ্ঘ তিনি বছৰৰ পিছত পিতৃ-মাতৃৰ সৈতে সাক্ষাৎ হ’ল মিথুনৰ ৷ তিনি বছৰৰ পিছত পশ্চিম বংগৰ পৰা পুত্ৰৰ সন্ধানত গুৱাহাটীত উপস্থিত মিথুন দেৱনাথৰ পিতৃ-মাতৃ ৷ 2017 চনতে হঠাৎ বিশেষভাৱে সক্ষম মিথুন দেৱনাথ আহি উপস্থিত হৈছিল ধুবুৰীত ৷ ইয়াৰ পৰা মিথুনক গুৱাহাটীৰ ভগদত্তপুৰৰ ডেচটিনেশ্বন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ তত্বাৱধানত ৰখা হয় ৷ তেতিয়াৰে পৰা মহানগৰীৰ ভগদত্তপুৰৰ সেই শিশু গৃহই ঠিকনা হৈছিল মিথুন দেৱনাথৰ ৷ সমান্তৰালভাৱে কিশোৰটিৰ পৰিয়াল আৰু ঘৰৰ সন্ধান অব্যাহত ৰাখিছিল ডেচটিনেশ্বনৰ কৰ্মীসকলে ৷

সুদীৰ্ঘ তিনি বছৰৰ পিছত পিতৃ-মাতৃৰে সাক্ষাৎ হ’ল মিথুনৰ

অৱশেষত বহু চেষ্টাৰ অন্তত মিথুনৰ পিতৃ মাতৃৰ সন্ধান উলিয়াবলৈ সক্ষম হয় স্বেচ্ছাসেৱী সংগঠনটোৱে ৷ লগে লগে যোগাযোগ কৰা হয় মিথুনৰ পিতৃ-মাতৃৰ সৈতে ৷ শনিবাৰে মিথুনক ওভটাই নিয়াৰ বাবে পশ্চিমবংগৰ পৰা গুৱাহাটীত আহি উপস্থিত হয় মিথুনৰ পিতৃ-মাতৃ ৷ আৰু সুদীৰ্ঘ তিনিবছৰৰ অন্তত ডেচটিনেশ্বনৰ সদস্য সকলে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে মিথুনক ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ এনে কাৰ্যৰ শলাগ লয় মিথুনৰ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক-এনআৰএল ডিপোত মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ

Last Updated : Dec 19, 2020, 9:03 PM IST

ABOUT THE AUTHOR

...view details