গুৱাহাটী, ৯ জানুৱাৰী :দুদিনৰ বাবে গুৱাহাটী মহানগৰীৰ এক বৃহৎ অঞ্চলৰ বাসিন্দাই খোৱাপানী লাভৰ পৰা বঞ্চিত হ'ব । অহা ১০ আৰু ১১ জানুৱাৰীত মহানগৰীৰ ১৬ টা স্থানত বন্ধ থাকিব নিয়মীয়া পানী যোগান । পাণবজাৰ পানী শোধন কেন্দ্ৰত হ'বলগীয়া মেৰামতিৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে ।
গুৱাহাটী পৌৰ নিগমে এই ঘোষণা কৰাৰ লগে লগে পুনৰ খোৱা পানীৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ'ব মহানগৰীৰ ১৬ টা স্থানৰ বাসিন্দাসকলে । ১০ জানুৱাৰী অৰ্থাৎ বুধবাৰে মহানগৰীৰ ১৬ টা স্থানত গুৱাহাটী পৌৰ নিগমে পানী যোগান ধৰাৰ পৰা বিৰত থাকিব । পাণবজাৰ পানী শোধন কেন্দ্ৰত হ'বলগীয়া মেৰামতিৰ কামৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি গুৱাহাটী পৌৰ নিগমে এই কথা সদৰী কৰিছে । গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই এক বিজ্ঞপ্তি যোগে এই কথা উল্লেখ কৰি কয় যে উক্ত কেন্দ্ৰটোৰ ট্ৰেন্সফৰ্মাৰৰ লগতে পেনেল ব'ৰ্ড মেৰামতি আৰু স্থানান্তৰ কৰা হ'ব ।