গুৱাহাটী, ৫ অক্টোবৰ : গুৱাহাটীত জলসম্পদ বিভাগৰ ৰাজ্যিক তথ্য কেন্দ্ৰ উদ্বোধন । উদ্বোধন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমীপত নিৰ্মিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান সমিতিৰ দ্বাৰা ৰাষ্ট্ৰীয় জলবিজ্ঞান পৰিযোজনাৰ অধীনত ৰূপায়িত ৰাজ্যিক তথ্য কেন্দ্ৰটোৰ উদ্বোধন কৰাৰ লগতে জলসম্পদ বিভাগৰ বাহ্যিক অৰ্থসাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে ।
ৰাজ্যিক তথ্য কেন্দ্ৰটো উদ্বোধন কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে ঘূৰ্ণীবতাহ, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ জনাটো সম্ভৱপৰ হৈ উঠিছে । ফলত প্ৰাকৃতিক দুৰ্যোগৰ ফলত হ’বপৰা ক্ষয়-ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা হৈছে । ৰাজ্যিক তথ্য কেন্দ্ৰটিত অসমৰ সকলো নদীৰ মথাউৰিসমূহৰ নিৰ্মাণৰ সময়কে ধৰি অসম তথা ইয়াৰ ওচৰ-চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰসমূহত হোৱা বতৰৰ পৰিৱৰ্তনৰ তথ্য উপলব্ধ হ’ব ।
কেন্দ্ৰটোত সঠিক তথ্য উপলব্ধ হ’লে ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু বানৰ ফলত হ’বপৰা ক্ষতিৰ পৰিমাণ বহু পৰিমাণে লাঘৱ কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । পাছত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা সভাত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিশ্ব বেংক আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যত ৰাজ্যখনত চলি থকা বেঁকী আৰু বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধৰ কামসমূহৰ পৰ্যালোচনা কৰে ।