গুৱাহাটী, ১৯ জুন : সমগ্ৰ ৰাজ্যতে বানৰ ভয়ংকৰ ৰূপ(Flood in Assam 2022) । ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ এক বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিছে । বিশেষকৈ বিগত প্ৰায় ডেৰ সপ্তাহ ধৰি হৈ থকা বৰষুণৰ বাবে ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সকলো নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । ইয়াৰ মাজতে শনিবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰাৰ পাছত জলসম্পদ বিভাগে বন্ধ কৰিলে খনাজানৰ শ্লুইচ গেট (Water resources department closed sluice gate) ।
পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ দিশৰ পৰা দীপৰ বিল-ব্ৰহ্মপুত্ৰ সংযোগী খানাজানৰ ওপৰত গাড়ীগাঁও-পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ শ্লুইচ গেটখন শনিবাৰে বন্ধ কৰি দিয়ে । ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খনাজানৰে সোমোৱাটো বন্ধ হৈ পৰাত বৃহত্তৰ খনামুখ অঞ্চলকে ধৰি কাষৰীয়া অঞ্চল সমূহ সাময়িক ভাৱে জলমগ্ন হোৱাৰ পৰা ৰক্ষা পৰে ।