গুৱাহাটী, ১৩ মে : মহানগৰীত জলবিস্ফোৰণৰ ত্ৰাস ৷ চলিত বৰ্ষতেই এমাহৰ ভিতৰতেই চাৰিটাকৈ জলবিস্ফোৰণে কঁপাইছে গুৱাহাটী মহানগৰী ৷ খাৰঘুলি, মালিগাঁও, শিলসাঁকোৰ পিচতে সোমবাৰ অৰ্থাৎ 12 জুনত মহানগৰীৰ সদাব্যস্ত কমাৰ্চ-ৰাজগড় লিংকৰোডত পুনৰ জলবোৰ্ডৰ পানী পাইপ ফাটি ভয়ংকৰ জলবিস্ফোৰণৰ সৃষ্টি হয় ৷
এই জলবিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে বিস্তৰ ক্ষতি সাধন হৈছে সেই স্থানৰ বাসিন্দা আৰু ব্যৱসায়ীসকলৰ ৷ এই জলবিস্ফোৰণত প্ৰায় ১৫ খনতকৈ অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সেই স্থানৰ ৬ টা পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে ৷ ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ১০ মিটাৰ দূৰত থকা বুটিক এখন আৰু ৰেষ্টুৰেন্ট এখনৰ সকলো সা সামগ্ৰী নষ্ট হৈ যায় ৷
সংবাদ মাধ্যমৰ আগত বুটিকখনৰ স্বত্বাধিকাৰীয়ে কয়, "দুবছৰ কষ্টৰ সকলো সামগ্ৰী নষ্ট হৈ গ’ল৷ মোৰ লগতে আৰু কেইবাটাও পৰিয়াল আজি সমস্যাত পৰিছে । দুই বছৰ পূৰ্বে কমাৰ্চত বুটিকখন আৰম্ভ কৰিছিলো আৰু প্ৰায় চাৰি মাহ পূৰ্বে এই স্থানলৈ স্থানান্তৰ কৰা হৈছিল ৷ এই বুটিকখনতে দুবছৰৰ সকলো ক্ৰিয়েটিভিটি আছিলে ৷ সকলো নষ্ট হৈ গ’ল ৷ বুটিকখনৰ সকলো সামগ্ৰী নষ্ট হৈ গৈছে । কিমান টকাৰ সমগ্ৰী নষ্ট হৈছে তাৰ হিচাপ নাই ৷ এতিয়ালৈ ক্ষতিপূৰণৰ কথাও একো কোৱা নাই ৷"