অসম

assam

ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি : বন্ধ কৰা হ’ল ভৰলুৰ শ্লুইচ গেট - Water level of Bharalu river rises

ভৰলুতকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ভৰলু শ্লুইচ গেট বন্ধ কৰা হৈছে । হাহাকাৰ জনতাৰ । শ্লুইচ গেট বন্ধ কৰাৰ ফলত ওফন্দি উঠিছে ভৰলু নৈ। মহানগৰীত ভূমিস্খলন অব্যাহত আছে (Landslides continue in the city)। নৱগ্ৰহ চন্দনগিৰি পথৰ ওপৰত খহিল জি এম চিৰ গাৰ্ডৱাল ।

guwahati
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি

By

Published : Jun 19, 2022, 8:58 PM IST

গুৱাহাটী, ১৯জুন :গুৱাহাটী মহানগৰীত ভৰলুতকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ভৰলু শ্লুইচ গেট বন্ধ ৰাখিবলগীয়া হৈছে (Water Level of Brahmaputra increase)। ব্ৰহ্মপুত্ৰ জলস্তৰ ৪৯.৬৭ মিটাৰলৈ জলস্তৰ বৃদ্ধি পাইছে । আনহাতে, ভৰলুৰ জলস্তৰ ৪৯.১৬ মিটাৰলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে (Water level of Bharalu river rises)। অৱশ্য়ে ব্ৰহ্মপুত্ৰ আৰু ভৰলু দুয়োখন নৈয়ে বিপদসীমাৰ সামান্য তলেৰে বৈছে আছে । ব্ৰহ্মপুত্ৰৰ বিপদ সীমা ৪৯.৬৮ মিটাৰ আৰু ভৰলুৰ এই সীমা ৪৯.৩৬ মিটাৰ বুলি জলসম্পদ বিভাগে সদৰী কৰিছে ।

জলসম্পদ বিভাগৰ তথ্য় অনুুসৰি ব্ৰহ্মপুত্ৰৰ, বিপদ সীমা ৪৯.৬৮ মিটাৰ আৰু ইয়াৰ জলস্তৰ ৪৯.৬৭ মিটাৰলৈ জলস্তৰ বৃদ্ধি পাইছে । আনহাতে, ভৰলুৰ বিপদসীমা ৪৯.৩৬ মিটাৰ আৰু জলস্তৰ ৪৯.১৬ মিটাৰলৈ বৃদ্ধি হৈছে । প্ৰবল বৰষুণৰ ফলত ভৰলুতকৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত ১৮ জুন দেওবাৰে পুৱতি নিশা ২.৩০ বজাত ভৰলুৰ শ্লুইচ গেট বন্ধ কৰি দিয়া হয় ।

শ্লুইচ গেট বন্ধ কৰি দিয়াৰ পিছৰে পৰা জলসম্পদ বিভাগে শ্লুইচ গেটত থকা ১০টা পাম্পেৰে পানী সিঁচি থকা হৈছে বুলি বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । সূত্ৰটোৱে পুনৰ উল্লেখ কৰা অনুসৰি শ্লুইচ গেটত সক্ৰিয় হৈ থকা প্ৰতিটো পাম্পে প্ৰতি ছেকেণ্ডত ১৭০০ লিটাৰকৈ পানী সিঁচিব পৰা ক্ষমতা আছে ।

আনহাতে, জলসম্পদ বিভাগৰ মহানগৰীৰ মৰা ভৰলুত ৪ টা, লখিমী জানত ২টা, বোন্দাজানত ২ টা,পাণ্ডুত ২টা, সদিলাপুৰত ২ টা , অনিল নগৰত ৪ টা, লাচিত নগৰত ২ টা, ৰাজগড় ৰোডত ১টা আৰু তৰুণ নগৰত ২টা পাম্প সক্ৰিয় হৈ আছে বুলি জলসম্পদ বিভাগৰ পৰা জানিব পৰা গৈছে । ইপিনে, শ্লুইচ গেট বন্ধ হোৱাৰ ফলত ওফন্দি উঠিছে ভৰলু নৈ ।

যোৱা কেইবাদিনো কৃত্ৰিম বানত প্লাৱিত হৈ থকা মহানগৰীৰ একাংশ অঞ্চলৰ পৰিস্থিতি সামান্য উন্নত হৈছিল যদিও পুৱতি নিশা অহা বৰষুণজাকৰ ফলত পুনৰ মহানগৰীৰ ন ন অঞ্চল কৃত্ৰিম বানত বুৰ যায় । ফলত অনিল নগৰ, নবীন নগৰ, হাতীগাঁও, ৰুক্মিণী গাঁও, ৰাজগড়, জু-ৰোড, বিষ্ণুপুৰ, কালাপাহাৰ আদি অঞ্চল প্লাৱিত হয় ।

ইপিনে, মহানগৰীত ভূমিস্খলন অব্যাহত আছে (Landslides in Guwahati)। দেওবাৰে পুনৰ মহানগৰীৰ নৱগ্ৰহ চন্দনগিৰি পথৰ ওপৰত জি এম চিৰ গাৰ্ড ৱাল খহি পৰে । ফলত পথত যাতায়ত বন্ধ হৈ পৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

ABOUT THE AUTHOR

...view details