গুৱাহাটী, 27 জুন: যোৱা কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত বৃদ্ধি পাইছে বাঢ়নী পানী ৷ সমান্তৰালকৈ হুৰাহুৰে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ গুৱাহাটী মহানগৰীতো ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মহাবাহুৰ জলস্তৰ ৷ এনেদৰেই আগন্তুক দুই-তিনিদিন ধৰি বৰষুণ হৈ থাকিলে শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিব বুলি জনাইছে জল সম্পদ বিভাগে ৷
গুৱাহাটীত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ - বৰ্তমান গুৱাহাটীত 48.80 মিটাৰ হৈছে জলস্তৰ
আগন্তুক দুই-তিনিদিন ধৰি বৰষুণ হৈ থাকিলে শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰে বিপদসীমা অতিক্ৰম কৰিব বুলি জনাইছে জল সম্পদ বিভাগে ৷
গুৱাহাটীত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ
বৰ্তমান গুৱাহাটীত 48.80 মিটাৰ হৈছে জলস্তৰ ৷ প্ৰায় 1 মিটাৰ বৃদ্ধি হ'লেই মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকা ডুব যাব পানীত ৷ যাৰ বাবে আতংকিত হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজ ৷
লগতে পঢ়কঃ বেকীৰ বানত বিচ্ছিন্ন কলগাছিয়া-মোৱামাৰী সংযোগী গড়কাপ্টানি পথ
TAGGED:
Flood guwahati