অসম

assam

ETV Bharat / state

JICA project: ব্লেকলিষ্টেত কোম্পানীৰ কামৰ ভুলৰ বাবে জাইকা প্ৰকল্পৰ পানীৰ পাইপত জলবিস্ফোৰণৰ অভিযোগ - জাইকা প্ৰকল্প

ব্লেকলিষ্টেড কোম্পানীৰ ভুল কামৰ বাবে জাইকা প্ৰকল্পৰ পানীৰ পাইপত জলবিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছে ৷ এই কোম্পানীটোৱে চৰম অনিয়মেৰে পানীৰ পাইপ বহুৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল ।

Water explosion in water pipe of JICA
জাইকা প্ৰকল্পৰ পানীৰ পাইপত জলবিস্ফোৰণ

By

Published : Jun 13, 2023, 1:28 PM IST

গুৱাহাটী, 13 জুন :ব্যাপক অনিয়ম আৰু দুর্নীতিৰে জাইকাৰ প্ৰকল্পৰ পানীৰ পাইপ বহুৱাৰ ফলতে প্ৰকল্পটোৰ এটাৰ পিচত আন এটা পানীৰ পাইপ ফুটি ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে । প্ৰথমে খাৰঘুলীত আৰু তাৰ পিচত ৰাজগড়ত পানীৰ পাইপ ফুটি ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ।

এই সমগ্ৰ প্ৰকল্পটোৰ আৰম্ভণিৰ পৰা পানীৰ পাইপ বহুওৱাৰ কাম কৰিছিল হায়দৰাবাদৰ কোম্পানী আইভি চি আৰ এলে । এই কোম্পানীটোৱে চৰম অনিয়মেৰে পানীৰ পাইপ বহুৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল । 2018 চনৰ ২৩ ফেব্ৰুৱাৰীতে প্রকল্পটোৰ পানীৰ পাইপ বহুওৱাৰ দায়িত্বত থকা হায়দৰাবাদৰ কোম্পানী আইভি চি আৰ এলক হায়দৰাবাদৰ নেশ্যনেল কোম্পানী ল’ ট্রিবিউনেল চমুকৈ এন চি এল টিয়ে দেউলীয়া ঘোষণা কৰিছিল । তাৰ পিচৰ পৰা প্ৰকল্প দুটাৰ পানীৰ পাইপ বহুওৱাৰ কাম দুবছৰ ধৰি বন্ধ হৈ আছিল ।

প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে ৯৫০ কিলোমিটাৰ পথত কোম্পানীটোক পানীৰ পাইপ বহুওৱাৰ বাবে ৮০০ কোটি টকা মোকলাই দিছিল । কোম্পানীটোৱে পানীৰ পাইপ বহুওৱাৰ কাম ৬৫ শতাংশ সম্পূর্ণ কৰি দেউলীয়া ঘোষণা হোৱাৰ পিচত বাকী থকা কাম বাদ দি উধাও হৈছিল । আনহাতে প্ৰকল্পটোৰ চোৱা চিতাৰ দায়িত্বত অৰ্থাৎ প্ৰজেক্ত মেনেজমেন্ট কনছালটেন্ট চমুকৈ পি এম চি ৰ দায়িত্বত থকা জাপানৰ এন জে এছ নামৰ কনছালটেন্ট কোম্পানীটোয়ে 2018 চনতে প্ৰকল্পটোৰ পি এম চি ৰ দায়িত্ব এৰি গুছি গৈছিল । এন জে এছে প্রকল্পটোৰ নামত চলি থকা বিত্তীয় খেলিমেলিৰ বাবে পি এম চিৰ দায়িত্ব এৰি গুছি গৈছিল ।

জাপানৰ জাইকা নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ প্রকল্পটোৰ কাম কৰা হৈছিল । বিগত ২০০৯ চনৰ ৩১ মাৰ্চত প্ৰকল্প দুটাৰ সন্দৰ্ভত ভাৰত চৰকাৰ আৰু জাইকাৰ মাজত ঋণ চুক্তি সম্পাদন হৈছিল । চুক্তি সম্পন্ন হোৱাৰ পিচত ২০১২ চনৰ পৰা দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী আৰু উত্তৰ গুৱাহাটী পানী যোগান প্রকল্প দুটাৰ কাম আৰম্ভ হৈছিল । চুক্তি মতে দুয়োটা প্ৰকল্পৰ কাম ২০১৬ চনতে সম্পূৰ্ণ হ'ব লাগিছিল । প্রকল্প দুটাৰ কাম সম্পূর্ণ নোহোৱাত চুক্তিৰ ম্যাদ বৃদ্ধি কৰা হৈছিল । কিন্তু আজিলৈকে প্ৰকল্পটো সম্পূৰ্ণ নহ'ল ৷ আজি বছৰ বছৰ ধৰি প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰাৰ কথা আওৰাই চৰকাৰৰ বিভাগীয় মন্ত্রীসকলে গুৱাহাটীবাসীক ঠগি আছে ।

লগতে পঢ়ক :Broken bamboo bridge : দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পিচতো কুমাৰ ভেটি ৰাইজে লাভ নকৰিলে দলং

ABOUT THE AUTHOR

...view details