গুৱাহাটী, 6 এপ্ৰিল :মহানগৰীৰ মহানাগৰিকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে খোৱাপানীৰ সমস্যাৰ বাবে(Water Crisis in Guwahati) ৷ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে এটোপাল বিশুদ্ধ খোৱাপানীৰ সমস্যা ৷ চৰকাৰৰ বৃহৎ জনস্বাস্থ্য কাৰিকৰী বিভাগে মহানাগৰিকৰ খোৱাপানীৰ সমস্যা হ্ৰাস কৰাৰ বাবে ব্যয়বহুল আঁচনিৰে স্থাপন কৰিছিল কেইবাটাও পানীযোগান প্ৰকল্প ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে, অধিকাংশ পানী যোগান আঁচনিয়ে এতিয়া আছে বিকল অৱস্থাত ৷
লগতে চাওক:Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত
জৱাহৰলাল নেহৰু আৰবান ৰিনিউৱেল মিছন, জাপান ইণ্টাৰনেচনেল কো-অপাৰেচন এজেন্সী চমুকৈ জাইকা আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰ দ্বাৰা গুৱাহাটীত যোৱা দুটা দশক ধৰি আৰম্ভ কৰা পানী যোগান আঁচনিসমূহ আজিও পৰি ৰৈছে নিৰ্মীয়মান অৱস্থাত ৷ যাৰ ফলত মহানগৰীত বৃদ্ধি পাইছে জল সংকট ৷
এনে জল সংকটৰ মাজতে মহানগৰীত দেখা গৈছে এক বিপৰীত ছবি ৷ গুৱাহাটী পৌৰ নিগমৰ অধীনষ্ঠ এখন পানী যোগান আঁচনি হৈছে 40-50 বছৰীয়া পুৰণি খাৰঘূলিৰ সাতপুখুৰী পানী যোগান আঁচনি ৷ এই আঁচনিখনৰ প্ৰায় 15 নিযুত লিটাৰ পানী যোগান ধৰাৰ ক্ষমতা আছে ৷ এই আঁচনিৰ জৰিয়তে নিজৰাপাৰ, নৱগ্ৰহ, খাৰঘূলি, লুইতপুৰ, কৈলাশপুৰ আদিকে ধৰি এক বৃহত্তৰ অঞ্চলৰ প্ৰায় 10-12 হাজাৰ পৰিয়ালক পূৰ্বে পানী যোগান ধৰা হৈছিল ৷
সম্প্ৰতি প্ৰকল্পটোৰ অধীনত স্থাপন কৰা পানীৰ টেংকীটোৰ বেৰৰ কেইবাস্থানতো ফাঁট মেলাত অপচয়(Water wastage at Satpukhuri water supply project) ঘটিছে হাজাৰ হাজাৰ লিটাৰ পানীৰ ৷ তদুপৰি পানী যোগান ধৰা পাইপসমূহৰো ঠায়ে ঠায়ে ছিদ্ৰৰ সৃষ্টি হোৱাত লেতেৰা পানীহে লাভ কৰিছে মহানগৰবাসীয়ে ৷