অসম

assam

ETV Bharat / state

উপ নিৰ্বাচন : পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল ভোটগ্ৰহণ - উপ নিৰ্বাচন বাতৰি

শনিবাৰে পুৱা 7 বজাৰ পৰা ৰাজ্যৰ পাঁচ সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টিকেইটাৰ মুঠ 7,96,456 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

voting has been started from 7 am for by poll in 5 constituencies
উপ-নিৰ্বাচন : পুৱা 7 বজাৰ পৰা আৰম্ভ হ’ল ভোটগ্ৰহণ

By

Published : Oct 30, 2021, 8:13 AM IST

নিউজ ডেস্ক, 30 অক্টোবৰ : আজি থাওৰা, ভৱানীপুৰ, গোঁসাইগাঁও, মৰিয়নী আৰু তামুলপুৰ সমষ্টিত উপ নিৰ্বাচনৰ বাবে আৰম্ভ হ’ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ ৷ পাঁচটা সমষ্টিৰ সৰ্বমুঠ 1,176 টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ইয়াৰ ভিতৰত গোঁসাইগাঁও সমষ্টিত আছে 258 টা ভোটগ্ৰহণ কেন্দ্ৰ, ভৱানীপুৰত 213 টা, তামুলপুৰত, 322 টা, মৰিয়নীত 183 টা আৰু থাওৰাত 173 টা ৷ ইয়াৰে 989 টা মূল ভোটগ্ৰহণ কেন্দ্ৰ আৰু 187 টা সহযোগী ভোটকেন্দ্ৰ ৷

এই পাঁচোটা সমষ্টি মিলি মুঠ 7,96,456 গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা 3,93,078 গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা 4,03,378 গৰাকী আৰু 4 গৰাকী তৃতীয় লিংগৰ ভোটাৰ ৷ ইয়াৰ উপৰিও 3,165 গৰাকী চাৰ্ভিছ ভোটাৰ আছে ৷

ভোটগ্ৰহণ হ’বলগীয়া সমষ্টিকেইটাৰ ভিতৰত আটাইতকৈ বেছি ভোটাৰ আছে তামুলপুৰ সমষ্টিত ৷ সমষ্টিটোত থকা মুঠ ভোটাৰৰ সংখ্যা 2,17,832 গৰাকী ৷ আনহাতে, আটাইতকৈ কম ভোটাৰ আছে থাওৰা সমষ্টিত ৷ থাওৰাত থকা মুঠ ভোটাৰৰ সংখ্যা 1,15,971 গৰাকী ৷

উল্লেখ্য যে, আজিৰ দিনটোত এই পাঁচোটা সমষ্টিতে paid holiday ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক :30 অক্টোবৰত Paid Holiday ঘোষণা অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details