অসম

assam

By

Published : Nov 1, 2020, 9:47 PM IST

ETV Bharat / state

স্বেচ্ছাই অৱসৰ গ্ৰহণ সুদক্ষ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ

চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ ৷ 31 অক্টোবৰত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিলে বিষয়া গৰাকীয়ে ৷ ফেচবুক পোষ্টযোগে ৰাজহুৱা কৰিলে অৱসৰৰ কথা ৷

Voluntary Retirement IPS Officer Jyotirmoy Chakraborty
স্বেচ্ছাই অৱসৰ গ্ৰহণ সুদক্ষ আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ

গুৱাহাটী, 1 নৱেম্বৰ :স্বেচ্ছাই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অসম সন্তান, আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী ৷ দেওবাৰে ফেচবুকত দিয়া পোষ্ট অনুসৰি 31 অক্টোবৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলে বিষয়া গৰাকীয়ে ৷

ফেচবুকত বিষয়া গৰাকীয়ে দিয়া পোষ্ট অনুসৰি, এয়া মই হঠাতে লোৱা সিদ্ধান্ত নহয় । প্ৰায় এবছৰ পূৰ্বৰ পৰাই এই কথাটো মোৰ মনত খেলিমেলিৰ সৃষ্টি কৰি আছিল । আৰক্ষীৰ সেৱা মই নিজেই যিদৰে বাচি লৈছিলো আজি নিজেই তাক বিদায় দিবলৈ ওলাইছো ৷ যিটো কাম কৰিবলৈ ইচ্ছা কৰা হয় আচলতে তাকেই কৰিব লাগে কিন্তু কেতিয়াবা নিজৰ অজ্ঞাতে ইচ্ছাৰ বিৰুদ্ধেও কাম কৰিবলগীয়া হয় । আনকি, বিদায় পৰত মোৰ কাৰো ওচৰত কোনো অভিযোগ নাই বুলিও পোষ্টত উল্লেখ কৰে বিষয়া গৰাকীয়ে ৷

ফেচবুক পোষ্টৰ কিয়দাংশ

লগতে পঢ়ক :নিৰ্বাচনৰ পিচত জেললৈ যাব লাগিব বিধায়ক শ্বেৰমান আলী : হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য় যে, 1988 বেটচৰ অসম কেডাৰৰ আই পি এছ বিষয়া আছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তী । সম্প্ৰতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ সশস্ত্ৰ সীমা বল (এছ এছ বি) ৰ অতিৰিক্ত সঞ্চালক প্ৰধান পদত অধিস্থিত হৈ আছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তী । ইফালে, চাকৰি জীৱনত কোনো কাৰণত আপোচ নকৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছিল গুৱাহাটী মহানগৰীৰ প্ৰথম গৰাকী আৰক্ষী আয়ুক্ত । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত যেতিয়া গুৱাহাটী আৰক্ষী আয়ুক্তালয় গঠন কৰা হৈছিল তেতিয়া প্ৰথম গৰাকী আয়ুক্ত হিচাপে তৰুণ গগৈ চৰকাৰে নিযুক্তি দিছিল এই গৰাকী আপোচবিহীন, নিকা ভাৱমূৰ্তিৰ সুদক্ষ আৰক্ষী বিষয়াক । তেওঁ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ নেতৃত্বও বহন কৰিছিল বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক :সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details