অসম

assam

By

Published : Mar 11, 2021, 7:02 AM IST

ETV Bharat / state

ৰাইজৰ দলে প্ৰকাশ কৰিলে 'ভিজন ডকুমেণ্ট'

বিজেপি চৰকাৰে কৰ্তন কৰা বিশেষ ৰাজ্যৰ মৰ্য্যদা ৰাইজৰ দলৰ চৰকাৰ হ’লে পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। সেইদৰে এক সময় নিৰ্দিষ্ট সাপেক্ষে অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰাৰ কথাও ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে ।

vision document published by raijor dol
ৰাইজৰ দলে প্ৰকাশ কৰিলে 'ভিজন ডকুমেণ্ট'

গুৱাহাটী,১০মাৰ্চঃ বিজেপিক প্ৰতিহত কৰিবলৈ অসম জাতীয় পৰিষদৰে মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অবতীৰ্ণ হোৱা ৰাইজৰ দলে আজি প্ৰকাশ কৰিলে ‘ভিজন ডকুমেন্ট’। বুধবাৰে ৰাইজৰ দলৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত আয়োজন কৰা সংবাদমেলত দলটোৰ ভিজন ডকুমেণ্ট মুকলি কৰে দলটোৰ উপদেষ্টা ঘনশ্যাম নাথ, শিক্ষাবিদ ড৹ ইন্দ্ৰানী দত্ত, দলৰ কাৰ্য্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ লগতে আন নেতৃবৃন্দই । ভিজন ডকুমেন্টত ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়ন, উদ্যোগ, শিক্ষা, ভুমি সংস্কাৰ, স্বাস্থ্য, আন্তঃগাঁথনি উন্নয়ন, জনসম্পদৰ ব্যৱস্থাপনা, বান-গৰাখহনীয়া সমস্যাৰ সমাধান, কৰ্ম-সংস্থাপন, পৰিবেশ আৰু প্ৰদূষণ, অসমৰ প্ৰাকৃতিক সম্পদ, আইনী সংস্কাৰ, ভাষা-সংস্কৃতি, শিশু আৰু মহিলাৰ বিকাশ, সংখ্যালঘু আৰু জাতি জনগোষ্ঠীৰ কল্যাণ, চাহ শ্ৰমিকৰ কল্যাণ, ক্ৰীড়া আৰু ৱৰ্ক পাৰ্মিটৰ কথা উল্লেখ কৰা হৈছে । ভাৰতীয় সংবিধানৰ ৩৭১ক অনুচ্ছেদৰ অধীনত ভূমি আৰু সম্পদৰ অধিকাৰ কাঢ়ি অনা কথা উল্লেখ কৰা হৈছে ভিজন ডকুমেণ্টত ।

বিজেপি চৰকাৰে কৰ্তন কৰা বিশেষ ৰাজ্যৰ মৰ্য্যদা ৰাইজৰ দলৰ চৰকাৰ হ’লে পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব । সেইদৰে এক নিৰ্দিষ্ট সময় সাপেক্ষে অসম চুক্তিৰ পূৰ্ণ ৰূপায়ণ কৰাৰ কথাও ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে । লগতে এন আৰ চি প্ৰস্তুতকৰণৰ নিৰ্দিষ্ট সময়সীমা লোৱা হৈছে । অসমত কোনো কাৰণতে 'কা' কাৰ্য্যকৰী নকৰাৰ দৃঢ় সংকল্প হাতত হোৱা হৈছে বুলি ৰাইজৰ দলে ভিজন ডকুমেন্টত উল্লেখ কৰে ।

বিধানসভাত ৰাইজৰ দলৰ তৰফৰ পৰা 'কা'ৰ বিৰুদ্ধে সকলোখিনি যুঁজ চলাই নিয়াৰ প্ৰতিশ্ৰুতি ভিজন ডকুমেণ্টত উল্লেখ কৰিছে । আনহাতে ১৯৭১ চনৰ পূ্ৰ্বে অহা সকলোকে ‘আত্মীয়কৰণ’ৰ মাধ্যমেৰে আঁকোৱালি লোৱা হ’ব বুলি ভিজন ডকুমেন্টত ৰাইজৰ দলে উল্লেখ কৰে ।

ভিজন ডকুমেন্টত উল্লেখ থকা অনুসৰি, সকলো ধৰণৰ বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰি দিয়া হ’ব । তাৰ বিপৰীতে ক্ষুদ্ৰ ক্ষুদ্ৰ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে স্ব-নিৰ্ভৰশীল হোৱাৰ কথা ভিজন ডকুমেন্টত উল্লেখ আছে । তদুপৰি, অসমৰ প্ৰতিটো পৰিয়ালৰ এজনক নিয়মীয়া সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ দৰে । একেদৰে প্ৰতিটো পৰিয়াললৈকে বিশুদ্ধ খোৱা-পানী যোগান দিয়া, অসমৰ প্ৰতিডৰা খেতি মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলে । আনহাতে অসমক বাৰ মাহে খেতি কৰা ৰাজ্য হিচাপে পৰিগণিত কৰাৰ সংকল্প লোৱা হৈছে ভিজন ডকুমেন্টত । ৰাজ্যৰ সকলো পৰিয়ালক ভোগ দখল কৰি থকা মাটিৰ পত্তা প্ৰদানৰ গেৰান্টি প্ৰদান কৰা হৈছে তথা সকলো বৈধ নগাৰিক আৰু বানপীড়িত লোকক মাটিৰ পট্টা প্ৰদান কৰা হ’ব বুলি ৰাইজৰ দলৰ ভিজন ডকুমেন্টত উল্লেখ কৰে ।

আনহাতে অসমৰ সকলো আন্তঃৰাজ্যিক সীমা সমস্যাৰ সু-সমাধান কৰা হ’ব বুলি উল্লেখ আছে ভিজন ডকুমেন্টত । অসমক এখন আত্মনিৰ্ভৰশীল অসম হিচাপে গঢ় দিয়াৰ লক্ষ্য ৰাইজৰ দলৰ । ৰাজনৈতিক ভাৱে ফেডাৰেল, অৰ্থনৈতিকভাৱে আত্ম নিৰ্ভৰশীল, সামাজিকভাৱে সকলোকে সামৰি লোৱা ৰাজ্য হিচাপে অসমক একবিংশ শতিকাৰ ভাৰতৰ এখন ৰাজ্য হিচাপে গঢ়ি তোলাই ৰাইজৰ দলৰ মূল লক্ষ্য ।

উল্লেখ যে ৰাইজৰ দলে ৰাজ্যৰ সমূহীয়া আৰু সৰ্বাংগীন বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়াইছে ।

লগতে পঢ়ক:চান্দমাৰীত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ABOUT THE AUTHOR

...view details