নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : আজি বিশ্বকৰ্মা পূজা(Vishwakarma Puja) । বিশ্ব খনিকৰৰ পূজাক লৈ পুৱাৰে পৰা ব্যস্ততা ৰাজ্যবাসীৰ । নিজ নিজ প্ৰতিষ্ঠানৰ পূজা মণ্ডপসমূহ আকৰ্ষণীয়ভাৱে সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে । উদ্যোগ, কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে বিৰাজ কৰিছে এক ব্যস্ততাময় পৰিৱেশে ।
পূজা উপলক্ষে ঢাক-ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । সকলো প্ৰতিষ্ঠানৰ লেখীয়াকৈ বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়তো চলিছে পূজাৰ ব্যাপক আয়োজন । সকলোৱে আৰাধনা কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মাক । বিশ্বকৰ্মা পূজাই ধৰালৈ উৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই আনে । বিশ্বকৰ্মা পূজাক ‘বিশ্বকৰ্মা জয়ন্তী’ বুলিও জনা যায় ৷
সমগ্ৰ দেশৰ হিন্দু সম্প্ৰদায়ৰ লোকে পূজা কৰে বিশ্ব খনিকৰক ৷ সাধাৰণতে এই দিনটো অসমীয়া ভাদ মাহৰ অন্তিমটো দিনত পৰে, যাক ভদ্ৰ সংক্ৰান্তি অথবা কন্যা সংক্ৰান্তি বুলি কোৱা হয় । এই দিনটোত ভক্তসকলে ভগৱান বিশ্বৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাৰ উপাসনা কৰে ৷ বিশ্বকৰ্মা পূজা উপলক্ষে কাৰখানা আৰু ঔদ্যোগিক শ্ৰমিকসকলে তেওঁলোকৰ সঁজুলি, বাহন আদিৰ উপাসনা কৰে ।