গুৱাহাটী, 26 জানুৱাৰী : 72 সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ সকলে প্ৰান্ততে গ্ৰহণ কৰা হয় বিভিন্ন কাৰ্যসূচী ৷ গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ভিনটেইজ ক্লাচিক কাৰ ৰেলী হেৰিটেইজ অ’টমবাইল সন্থা অসমে, দীঘলীপুখুৰী পাৰত মঙলবাৰে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে ৷
পথ সুৰক্ষা জীৱন ৰক্ষা নামেৰে দীঘলীপুখুৰী পাৰত গ্ৰহণ কৰা এই কাৰ্যসূচীত বহু পূৰণি কেইবাটাও মডেলৰ গাড়ী প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰ সমান্তৰালৱ ভাৱে গণতন্ত্ৰ দিৱসৰ উপলক্ষে এক ক্লাচিক কাৰ ৰেলীও উলিওৱা হয় ৷