গুৱাহাটী,১২ ছেপ্টেম্বৰ: অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা পঞ্চায়ত আইন সংশোধন সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রীগৰাকীয়ে কয় যে গাঁও পঞ্চায়তত নাথাকিব ৰাজনৈতিক দলৰ প্ৰভাৱ ।
এতিয়াৰে পৰা পোনপটীয়াভাৱে নহ'ব পঞ্চায়তৰ সভাপতি নিৰ্বাচন । জয়ী ৱাৰ্ড সদস্যৰ পৰা নিৰ্বাচিত হ'ব সভাপতি আৰু উপ-সভাপতি । সংশোধনী অনুসৰি আঢ়ৈ বছৰলৈ আনিব নোৱাৰিব অনাস্থা প্ৰস্তাৱ । পূৰ্বতে ৰাইজে পোনপোটীকৈ নিৰ্বাচিত কৰা সদস্য অথবা সভাপতিৰ বিৰুদ্ধে ৬ মাহৰ পিচতে একাংশ সদস্যই অনাস্থা প্ৰস্তাৱ আনে ।
এয়া গণতন্ত্ৰৰ বাবে পৰিপন্থী আৰু শুভ লক্ষণ নহয় বুলি মন্ত্ৰী দাসে স্পষ্টকৈ উল্লেখ কৰে । আনহাতে সকলোৱে অংশ গ্ৰহণ কৰাৰ সুবিধাৰ বাবে ৱাৰ্ডৰ সদস্যৰ ক্ষেত্রত ৰাজনৈতিক দলৰ প্ৰাৰ্থী হোৱাটো অপৰিহাৰ্য নহয় ।