অসম

assam

ETV Bharat / state

সফল মহিলা উদ্যোগীৰ জীৱন ভিত্তিক ভিডিঅ' চিৰিজ মুকলি মন্ত্ৰী বিমল বড়াৰ - Video series based on the life of successful women

অসম ষ্টাৰ্টআপ আৰু অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ণ নিগমৰ সৈতে অসমীয়া মহিলা উদ্যোগীসকলক লৈ আই টি চি ছানৰাইজ পিঅ'ৰৰ 'অগ্রগামিনী' অভিযান । জীৱনৰ প্ৰত্যাহ্বান অতিক্রমী অন্য লোককো অনুপ্রাণিত কৰাৰ লগতে মুকলি কৰা হয় জীৱিকাৰ পথ প্ৰদৰ্শন কৰা ১০ গৰাকী মহিলাৰ অকথিত কাহিনীৰে ভিডিঅ' চিৰিজ ।

Video series based on the life of successful women entrepreneurs launched
সফল মহিলা উদ্যোগীৰ জীৱন ভিত্তিক ভিডিঅ' চিৰিজ মুকলি মন্ত্ৰী বিমল বড়াৰ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 7:59 PM IST

সফল মহিলা উদ্যোগীৰ জীৱন ভিত্তিক ভিডিঅ' চিৰিজ মুকলি মন্ত্ৰী বিমল বড়াৰ

গুৱাহাটী,১8 ডিচেম্বৰ: অসমীয়া মহিলা উদ্যোগীসকলক স্বীকৃতি প্ৰদান কৰিবলৈ অসম ষ্টাৰ্টআপ আৰু অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ণ নিগমৰ সৈতে আগশাৰীৰ এফ এম জি চি কোম্পানী আই টি চি ছানৰাইজ পিঅ'ৰে সহযোগিতা আগবঢ়াই । এই সহযোগিতাৰ অংশ হিচাপে ছানৰাইজ পিঅ'ৰে 'অগ্রগামিনী' শীৰ্ষক এক অভিযান আৰম্ভ কৰিছে ।

এই অভিযানৰ অধীনত নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আন মহিলাকো স্বাৱলম্বী হোৱাত অৰিহনা আগবঢ়োৱা অসমৰ দহগৰাকী মহিলা উদ্যোগীক স্বীকৃতি দিবলৈ এটা কিউৰেটেড ভিডিঅ' চিৰিজ নিৰ্মান কৰা হৈছে । এই ভিডিঅ' চিৰিজটোত মহিলা কেইগৰাকীৰ প্ৰেৰণাদায়ক যাত্রাক সুন্দৰকৈ প্ৰদৰ্শন কৰা হয় । ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বানিজ্য মন্ত্রী বিমল বড়াই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই ভিডিঅ' চিৰিজটো মুকলি কৰে ।

গুৱাহাটীৰ আমবাৰীস্থিত আছাম ষ্টাৰ্টআপত আয়োজিত এক অনুষ্ঠানত মন্ত্রী বড়াই ভিডিঅ' চিৰিজটো মুকলি কৰি উদ্যমী মহিলা কেইগৰাকীৰ ব্যৱসায়িক যাত্ৰাৰ ওপৰত আলোকপাত কৰে । মহিলা উদ্যোগীসকলক অধিক উৎসাহিত কৰিবলৈ ৰাজ্যৰ উদ্যোগ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে । উল্লেখ্য যে ছানৰাইজ পিঅ'ৰে উদীয়মান উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায়, ব্যৱসায়িক ধাৰণা প্ৰদৰ্শন কৰাৰ ক্ষেত্রত উৎসাহিত কৰিবলৈ এক ষ্টাৰ্টআপ প্ৰতিযোগিতা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে ।

এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনিটা ব্যৱসায় বা ধাৰণাক ১ লাখ টকালৈকে পুৰষ্কাৰ প্ৰদান কৰা হ'ব । তদুপৰি উদ্যোগীসকলক তেওঁলোকৰ ব্যৱসায় প্ৰসাৰ কৰাৰ লগতে যিকোনো প্ৰত্যাহ্বান অতিক্রম কৰাৰ ক্ষেত্ৰত অসম ষ্টাৰ্টআপ চেলৰ তৰফৰ পৰা সহযোগিতা আগবঢ়োৱা হ'ব । অনুষ্ঠানটোত ছানৰাইজ পিঅ'ৰৰ মুৰব্বী পীয়ূষ মিশ্রই কয় যে দহটা খণ্ডৰ এই ভিডিঅ' চিৰিজটোৱে জীৱনৰ প্ৰত্যাহ্বানবোৰ অতিক্রমী অন্য লোককো অনুপ্রাণিত কৰাৰ লগতে জীৱিকাৰ পথ প্ৰদৰ্শন কৰা ১০ গৰাকী মহিলাৰ অকথিত কাহিনীক উপস্থাপন কৰা হৈছে ।

প্ৰতিটো খণ্ডতে এগৰাকী সফল মহিলা উদ্যোগীৰ সফলতাৰ কাহিনী আছে । ভৱিষ্যতে ষ্টাৰ্টআপৰ পৰা প্ৰতিষ্ঠিত উদ্যোগীলৈকে আৰু বিভিন্ন উদ্যোগ সামৰি ল'ব চিৰিজটোৱে । অসমীয়া মহিলাসকল কেনেদৰে ব্যবসায়িক ক্ষেত্ৰখনত সফল হৈছে সেই বিষয়তো চিৰিজটোত বিস্তৃত ছবি দাঙি ধৰা হ'ব ।

For All Latest Updates

ABOUT THE AUTHOR

...view details