কোৱাৰেণ্টাইন কেন্দ্ৰত আছে সকলো যাৱতীয় সুবিধা
সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ বাবে চৰকাৰে পৰ্যাপ্ত সুবিধা গ্ৰহণ কৰিছে । ভিডিঅ'যোগে এই কথা প্ৰকাশ কৰে, কোৱাৰেণ্টাইন কেন্দ্ৰত থকা নেকিবুৰ জামান নামৰ লোক এগৰাকীয়ে ।
গুৱাহাটী, 7 এপ্ৰিলঃবৰ্তমানলৈকে অসমত ২৭ গৰাকীকৈ লোক আক্ৰান্ত হৈছে COVID-19ত । আক্ৰান্ত লোকসকলক ইতিমধ্যে চৰকাৰে চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে, দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰা অধিকসংখ্যক লোককে সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিছে । কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ বহু লোকৰ মাজত ভুৱা বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে, দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ জামাতত অংশগ্ৰহণ কৰি বৰ্তমান সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা নেকিবুৰ জামান নামৰ লোক এগৰাকীয়ে, ভিডিঅ'যোগে জামাতলৈ যোৱা ব্যক্তি সকলক উদ্দেশ্যি এক বাৰ্তা প্ৰেৰণ কৰিছে । এই বাৰ্তাযোগে লোকগৰাকীয়ে সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্ৰত চৰকাৰে সকলো ধৰণৰ সুবিধা প্ৰদান কৰিছে বুলি উল্লেখ কৰে । লগতে বৰ্তমানলৈ যিসকল লোক স্বাস্থ্য বিভাগৰ কাষ চপা নাই তেওঁলোকক অতি শীঘ্ৰেই ওলাই আহিবলৈ আহ্বান জনায় ।