অসম

assam

ETV Bharat / state

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ - ৰাজনীতিলৈ নাতানিব ভিক্টৰক

আজি মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ দাস (Victor Das will release from jail today)। শনিবাৰে পুৱাই পানবজাৰ আৰক্ষীয়ে ভিক্টৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় ধীৰেণপাৰা এফ আৰ ইউলৈ । তাৰ পাচতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ অনা হয় ভিক্টৰক ৷

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ
ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ

By

Published : Sep 17, 2022, 11:59 AM IST

Updated : Sep 17, 2022, 2:20 PM IST

গুৱাহাটী, 17 ছেপ্টেম্বৰ :আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ভিক্টৰ দাসৰ (Victor Das will release from jail today) । শনিবাৰে পুৱাই পানবজাৰ আৰক্ষীয়ে ভিক্টৰক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায় ধীৰেণপাৰা এফ আৰ ইউলৈ । তাৰ পাচত স্বাস্থ্য পৰীক্ষাৰ কৰাৰ অন্তত মুখ্য ন্যায়িক দণ্ডাধীশ আদালত অৰ্থাৎ CJM ক’ৰ্টলৈ অনা হয় ভিক্টৰক ।

আদালতৰ কাম-কাজসমূহ সম্পূৰ্ণ হোৱাৰ পাচতেই হয়তো মুকলি আকাশৰ তললৈ আহিব ভিক্টৰ । ভিক্টৰক নিবলৈ ইতিমধ্যে আদালতৰ চৌহদত উপস্থিত ভিক্টৰৰ মাতৃ ৷ সংবাদ মাধ্যমৰ আগত ভিক্টৰৰ মাতৃৰ আহ্বান, ‘‘ৰাজনীতিলৈ নাটানিব ভিক্টৰক’’ । লগতে অসমবাসী, সংবাদ মাধ্যমক ধন্যবাদ ভিক্টৰৰ মাতৃৰ ।

ৰাজনীতিলৈ তাক নাটানিব: ভিক্টৰৰ মাতৃ

উল্লেখ্য যে, ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল (Victor Das complaint) । প্ৰতিটো পদৰ বাবে 3 লাখ টকাৰ পৰা 8 লাখ টকালৈ ধনৰ লেনদেন চলিছে আৰু চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আৰত প্ৰাক্তন বিধায়ক থকা বুলিও অভিযোগ কৰে ভিক্টৰে ।

মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ সঞ্চালক প্ৰধানক উদ্দেশ্যি ভিক্টৰ দাসে টুইট কৰিছিল (Victor Das tweet)। এই টুইটক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া হয় । তাৰ পাচতেই 9 ছেপ্টেম্বৰত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ অন্তত 7 দিনৰ বাবে পাণবজাৰ আৰক্ষীয়ে নিজৰ জিন্মাত লয় ।

লগতে পঢ়ক :জামিন পায়ো মুকলি আকাশৰ তললৈ নাহিল ভিক্টৰ দাস

ইফালে ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে বিৰোধী দলসমূহে ৷ এয়া চৰকাৰৰ স্বৈৰাচাৰিতা বুলি উল্লেখ কৰিছে কেইবাজনো বিৰোধী নেতাই ৷

আৰক্ষীয়ে সোধা-পোচাৰ বাবে ভিক্টৰৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীকো তলৱ কৰিছিল যদিও সোধা-পোচা কৰি তেওঁলোকক যাবলৈ দিয়া হয় ৷ আনহাতে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে ভিক্টৰক কোনো কাৰণতে ক্ষমাৰ অযোগ্য প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে এই কাৰ্যক জেমচ বণ্ডৰ চিনেমা বুলি উল্লেখ কৰাৰ বিপৰীতে মন্ত্ৰী পীযুষ হাজৰিকায়ো ভিক্টৰৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰে ৷ ইফালে ভিক্টৰৰ বিৰোধিতা কৰিবলৈ গৈ সংবাদ মাধ্যমক বাতৰি পৰিৱেশনৰ পাঠ পঢ়োৱাও দেখা গ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৷

জিম্মাৰ ম্যাদ শেষ হোৱাৰ পাচতহে জানিব পৰা হ’ব ভিক্টৰৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়ক :লকআপত হঠাৎ অসুস্থ ভিক্টৰ দাস

Last Updated : Sep 17, 2022, 2:20 PM IST

ABOUT THE AUTHOR

...view details