গুৱাহাটী, 30 অক্টোবৰ :এদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰ সোমবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় উপস্থিত হয় গুৱাহাটীত ৷ উপ-ৰাষ্ট্ৰপতি গৰাকীক সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যৰে বৃহত্তৰ গুৱাহাটী মাৰোৱাৰী সমাজে আজি আয়োজন কৰে এক অভ্যর্থনা অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে ।
উপ-ৰাষ্ট্ৰপতি ধনখড়ে উক্ত সভাত অংশগ্ৰহণ কৰি কয় যে, মাৰোৱাৰী সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । সমগ্ৰ বিশ্বতে মাৰোৱাৰী সমাজৰ অৱস্থিত আছে । তেওঁ কয়, ‘‘দেশৰ উন্নয়নৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । কেৱল অর্থনৈতিক বিকাশতে নহয়, দেশৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ দিশতো মাৰোৱাৰী সমাজৰ অৱদান অপৰিসীম ।’’
ইপিনে মুখ্যমন্ত্ৰী শৰ্মাই উপ-ৰাষ্ট্ৰপতিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, ব্যস্ততাপূৰ্ণ এদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰ মাজতে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰি যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো । মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ৰাজ্যখনত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয় নিৰ্মাণৰ দিশত ভূমি দান কৰি শৈক্ষিক উন্নয়নৰ দিশত মাৰোৱাৰী সমাজে উল্লেখযোগ্য অৰিহণা যোগাইছে । মাৰোৱাৰী সমাজৰ বহু লোকে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সাহিত্য চর্চ্চা কৰাৰ লগতে ইয়াৰ সমৃদ্ধিত বিশিষ্ট বৰঙণি যোগাই আহিছে ।’’