নিউজ ডেস্ক, ৪ জুলাই:আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,গুৱাহাটীৰ (IIT-G) ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
‘‘ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে ০৪ জুলাই, ২০২৩ তাৰিখে অসম ভ্ৰমণ কৰিব য'ত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি)ৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ ল’ব ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পিচত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰি সেৱা আগবঢ়াব,’’ দেওবাৰে উপ-ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ পৰা প্ৰকাশ কৰা এক বিজ্ঞপ্তিত সদৰী কৰা হৈছে এই কথা ৷