গুৱাহাটী, 23 মাৰ্চ: উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইউনিভাৰ্চিটি অৱ্ চায়েঞ্চ এণ্ড টেকন’লজী মেঘালয় (USTM) ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এখনি ৰাষ্ট্ৰীয় সন্মিলন ৷ আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক কাৰ্যসূচীৰে দেশৰ উপাচাৰ্যসকলৰ অংশগ্ৰহণেৰে আয়োজিত হ’ব লগা তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব (Three day national conference at USTM) ৷ ৰাষ্ট্ৰীয় সন্মিলনখন ইউনিভাৰ্চিটি অৱ্ চায়েঞ্চ এণ্ড টেকন’লজী মেঘালয়ত (USTM) ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে উদ্বোধন কৰিব ।
দেশৰ ১৭ বছৰীয়া আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এছ’চিয়েছন অৱ্ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (AIU) আৰু USTM ৰ দ্বাৰা আয়োজিত এই বৃহৎ উচ্চ শিক্ষাৰ অনুষ্ঠানটিত বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ৬০০ গৰাকী উপাচার্যই অংশগ্ৰহণ কৰিব (Vice Chancellor’s Conference at USTM) । কাৰ্যসূচীৰ মাজতে AIU ৰ ৯৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি বক্তৃতা অনুষ্ঠানো আয়োজন কৰা হ'ব ।
লগতে পঢ়ক :Assam cabinet decision: প্ৰাদেশিকীকৰণ হ’ব চাহ বাগিচা কৰ্তৃপক্ষই পৰিচালনা কৰা 419 খন বিদ্যালয়