অসম

assam

ETV Bharat / state

SITAৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰৰ শেষ নিশ্বাস ত্যাগ - উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ

সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত দীপক কুমাৰ বৰঠাকুৰক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ পদত অধিষ্ঠিত কৰা হৈছিল । তেওঁ অসমত থিয়েটাৰ প্ৰচাৰত অগ্ৰণী আছিল আৰু 'নিউ আৰ্ট প্লেয়াৰছৰ' প্ৰধান প্ৰৱৰ্তক আছিল । দীপক বৰঠাকুৰে দেশৰ শীৰ্ষ আৰ এছ এছ নেতাসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন হৈছিল আৰু বিগত বছৰবোৰত সংঘৰ দ্বাৰা পৰিচালিত অসম আৰু অৰুণাচল প্ৰদেশত 500 ৰো অধিক বিদ্যালয় স্থাপন কৰাত সহায় কৰিছিল ।

vice-chairman-of-sita-dipok-kumar-barthakur-take-his-last-breath
SITAৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ

By

Published : Feb 17, 2022, 10:28 AM IST

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰে(Vice-Chairman of SITA Dipok Kumar Barthakur) বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে । প্ৰয়াত বৰঠাকুৰ আছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী আগশাৰীৰ ব্যক্তিত্ব । ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছতে তেওঁক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ পদত অধিষ্ঠিত কৰা হৈছিল । এনে এগৰাকী ব্যক্তিৰ বিয়োগত শোকস্তব্ধ হৈ পৰে বিজেপি দল আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰঠাকুৰৰ বিয়োগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰবীণ স্বয়ংসেৱক, গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক, প্ৰথিতযশা উদ্যোগী, সমাজসেৱী তথা ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA)ৰ উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰৰ বৰ্ণিল জীৱন পৰিক্ৰমা, অধ্যৱসায় আৰু কৰ্মৰাজিয়ে সমাজক সমৃদ্ধ কৰি থৈ গৈছে । বৰঠাকুৰৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি সৰ্বানন্দ সোণোৱালে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় ।

আনহাতে দীপক কুমাৰ বৰঠাকুৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই । এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নৰ দিশত প্ৰয়াত বৰঠাকুৰে যথেষ্ট বৰঙণি যোগাই গৈছে ৷ সামাজিক-সাংস্কৃতিক দিশলৈ তেখেতে আগবঢ়াই যোৱা অৱদান সদায়ে স্মৰণীয় হৈ ৰ’ব ৷ একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ভবেশ কলিতা, প্ৰাক্তন সাংসদ ৰমেন ডেকা, সাংসদ কুইন ওজা আদিয়েও বৰঠাকুৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে, ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাক জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে গ্ৰহণ কৰি শেষ মুহূৰ্তলৈকে সনাতনী সমাজখনক বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দি গৈছিল দীপক বৰঠাকুৰে । তেওঁ আৰু কয়, প্ৰয়াত বৰঠাকুৰে ৰাষ্ট্ৰীয়তাবাদী বিচাৰ ধাৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ চালুকীয়া অৱস্থাৰ পৰা সংগঠনটোক শক্তিশালী কৰাৰ বাবে এক অনবদ্য অৰিহণা আগবঢ়াই গৈছে ৷

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰমেন ডেকাই তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, ভাৰত বিকাশ পৰিষদ, বিবেকানন্দ কেন্দ্ৰ, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বিদ্যা ভাৰতী, নাগৰিক সমবায় বেংক আদি বিভিন্ন সংগঠনক সন্মুখৰ পৰা নেতৃত্বত দি দীপক বৰঠাকুৰে প্ৰতিটো সংগঠনক সমাজ জীৱনত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থৈ গ'ল ৷ তেখেতৰ হাতৰ পৰশত আটাইবোৰ সংগঠনে এক নৱ-ৰূপ আৰু জীৱন্ত সংগঠন হিচাবে সমাজৰ অফুৰন্ত মৰম আৰু চেনেহ আদায় কৰিবলৈ সক্ষম হৈছে বুলিও নেতাদ্বয়ে সদৰি কৰে ।

লগতে পঢ়ক :হলদিয়াৰ পৰা পাণ্ডুলৈ ষ্টীল কার্গ' ভর্তি বার্জৰ প্ৰথম যাত্রা শুভাৰম্ভ সর্বানন্দ সােণােৱালৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details