অসম

assam

ETV Bharat / state

প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ দেহাৱসান ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ ৷

By

Published : Nov 3, 2021, 12:31 PM IST

Updated : Nov 3, 2021, 1:20 PM IST

প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ
প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

গুৱাহাটী,৩ নৱেম্বৰ : অসমৰ ৰাজনীতিৰ এটা পৰিচিত নাম, প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰে বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ দীৰ্ঘদিনে অসুস্থ হৈ থকা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮২ বছৰ ৷ বহু বিতৰ্কিত IMDT আইন অসমত বলৱৎ কৰাৰ আঁৰৰ মানুহগৰাকীয়ে আছিল আব্দুল মুহিব মজুমদাৰ ৷ এগৰাকী ৰাজনীতিকৰ উপৰিও মজুমদাৰ আছিল দেশৰ এগৰাকী আগশাৰীৰ আইনবিদ । অৰুণাচল প্ৰদেশ চৰকাৰৰ মহাধিবক্তা হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ৷

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত আনোৱাৰা টাইমুৰৰ মন্ত্ৰীসভাত মজুমদাৰে আইন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ ত্যাগ কৰি নিজাকৈ এটা ৰাজনৈতিক দল ইউনাইটেড পিপুলচ পাৰ্টী অৱ আছাম (UPPA) গঠন কৰিছিল ৷

১৯৯৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ সেই দলৰ পৰাই বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত অসম গণ পৰিষদৰ সৈতে মিত্ৰতা কৰে ৷ যাৰ বাবে সেইসময়ৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ কাৰ্যকালত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় ৷ মজুমদাৰে ৰাজ্যৰ আইন আৰু জলসিঞ্চন মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ পুনৰ কংগ্ৰেছলৈ উভতি যায় আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ শাসনকালত ৰাজ্যৰ সংখ্যালঘু আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ অধিবক্তা তথা আইনজ্ঞ আব্দুল মুহিব মজুমদাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোকবাৰ্তাযোগে মুখ্যমন্ত্ৰীয়ে কয় যে, আব্দুল মুহিব মজুমদাৰে সুদীৰ্ঘ কালজুৰি ৰাজ্যখনৰ সমাজ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকি যি অৱদান আগবঢ়াই গ'ল সেয়া স্মৰণীয় হৈ থাকিব ৷ মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মন্ত্ৰী, আইনজ্ঞগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

লগতে চাওক:উপ নিৰ্বাচন 2021ৰ ফলাফল হাইলাইট

Last Updated : Nov 3, 2021, 1:20 PM IST

ABOUT THE AUTHOR

...view details