অসম

assam

ETV Bharat / state

MS Prabhakar Passes Away: প্ৰবীণ সাংবাদিক এম এছ প্ৰভাকৰৰ দেহাৱসান - এম এছ প্ৰভাকৰ

চিৰবিদায় মাগিলে অসমত প্ৰায় তিনিটা দশক বাস কৰি সংবাদসেৱা আগবঢ়োৱা এম এছ প্ৰভাকৰে (MS Prabhakar Passed Away)। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে অসম মাতৃৰ লগতে সম্পৰ্ক স্থাপন কৰা প্ৰভাকৰে বৃহস্পতিবাৰে মাগিলে চিৰবিদায় ৷ নশ্বৰদেহ দান কৰি থৈ গ’ল মানৱ সমাজক কল্যাণৰ অৰ্থে ৷

MS Prabhakar Passed Away
এম এছ প্ৰভাকৰৰ দেহাৱসান

By

Published : Dec 29, 2022, 7:37 PM IST

Updated : Dec 30, 2022, 9:24 AM IST

গুৱাহাটী, ২৯ ডিচেম্বৰ : বিশিষ্ট সাংবাদিক, ইংৰাজী আৰু কানাড়া ভাষাৰ লেখক, শিক্ষাবিদ এম এছ প্ৰভাকাৰে বৃহস্পতিবাৰে কৰ্ণাটকৰ কোলাৰস্থিত নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে (MS Prabhakar Passed Away)৷ ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা প্ৰভাকৰে অসম আৰু দক্ষিণ আফ্ৰিকাত কেইবাটাও দশক ধৰি দ্য হিন্দু কাকতৰ সংবাদদাতা হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ।

অসমৰ জনজীৱন আৰু আৰ্থ সামাজিক তথা ৰাজনৈতিক বিষয়ত বিশিষ্ট সাংবাদিকগৰাকীৰ বিশেষ দক্ষতা আৰু সম্পৰ্ক আছিল (Journalist MS Prabhakar)৷ ১৯৩৬ চনত কৰ্ণাটকৰ কোলাৰত জন্মগ্ৰহণ কৰা প্ৰভাকৰে প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাবে আৰু পিছলৈ দ্য হিন্দুৰ সংবাদদাতা হিচাবে অসমত প্ৰায় তিনিটা দশক বাস কৰিছিল । তেওঁ প্ৰায় এটা দশক দক্ষিণ আফ্ৰিকাত বাস কৰিছিল ৷ দক্ষিণ আফ্ৰিকাৰ দেশসমূহৰ আটাইতকৈ অশান্ত বছৰকেইটাত তাত কাৰ্যনিৰ্বাহ কৰিছিল এম এছ প্ৰভাকৰে ।

প্ৰভাকৰে বাংগালুৰুৰ চেন্ট্ৰেল কলেজৰ পৰা অনাৰ্ছ ডিগ্ৰী আৰু ইংৰাজী ভাষাৰ লগত ইংৰাজী সাহিত্যতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ১৯৬২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰাৰ পূৰ্বে তেওঁ বাংগালুৰু আৰু ধৰৱাড়ত চাৰি বছৰ কাল অধ্যাপনা কৰিছিল । ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অব্যাহতি লয় আৰু ইক'নমিক এণ্ড পলিটিকেল উইকলিত যোগদান কৰে (MS Prabhakar relation with Assam)।

১৯৮৩ চনৰ জুন মাহত তেওঁ গুৱাহাটীলৈ উভতি আহে দ্য হিন্দু আৰু পিছলৈ ফ্ৰন্টলাইনৰ বিশেষ সংবাদদাতা হিচাবে ৷ অসম আৰু উত্তৰ-পূবক সামৰি দক্ষতাৰে বিশেষভাৱে সংবাদ পৰিৱেশন কৰি আহিছিল এম এছ প্ৰভাকৰে (MS Prabhakar in Assam)৷ ১৯৯৪ চনৰ জুন মাহত তেওঁ বিশেষ সংবাদদাতা হিচাবে জোহান্সবাৰ্গলৈ গৈ দক্ষিণ আফ্ৰিকাৰ দেশসমূহৰ অশান্ত ৰাজনীতিৰ ওপৰত বিস্তৃতভাৱে প্ৰতিবেদন আগবঢ়াইছিল ।

২০০২ চনৰ এপ্ৰিল মাহত গুৱাহাটীলৈ উভতি আহি এমাহৰ পিছত অৱসৰ গ্ৰহণ কৰে প্ৰভাকৰে । তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত প্ৰৱন্ধ সংকলন, ৱৰ্ডছ এণ্ড আইডিয়াজ আৰু তেওঁৰ দীঘলীয়া বিশ্লেষণাত্মক ৰচনাৰ এখন সংকলন, লুকিং বেক ইনটু দ্য ফিউচাৰ: আইডেন্টিটি এণ্ড ইনছাৰ্জেন্সি ইন নৰ্থ-ইষ্ট ইণ্ডিয়া । কানাড়া ভাষাত তেওঁৰ এখন চুটিগল্প সংকলন আৰু দুখন উপন্যাস কৰ্ণাটকৰ ধৰৱাদস্থিত মনোহৰ গ্ৰন্থমালায়ে তেওঁৰ ছদ্মনাম 'কামৰূপী’ নামেৰে প্ৰকাশ কৰিছিল (MS Prabhakar creations)।

কানাড়া ভাষাত তেওঁ লিখা সকলো লেখাৰে ৰচনা সমগ্ৰৰ সংকলনো প্ৰকাশ পাইছে । মৃত্যৰ পিছত প্ৰভাকৰৰ ইচ্ছা অনুসৰি তেওঁৰ মৃতদেহ বাংগালুৰুৰ এম এছ ৰমাইয়া মেম’ৰিয়েল হাস্পতাললৈ দান কৰা হয় ।

লগতে পঢ়ক:Tezaswita Boruah Memories: তেজস্বিতাৰ স্মৃতি হ’ব যুগমীয়া, উন্মোচিত হ’ল প্ৰতিভাৰ আকৰ তেজস্বিতা

Last Updated : Dec 30, 2022, 9:24 AM IST

ABOUT THE AUTHOR

...view details